নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাইট্রজেন প্লেণ্ট অক্সিজেন প্লেণ্টলৈ ৰূপান্তৰ; পর্যালোচনা বৈঠক মোদীৰ

নিয়মীয়া বাৰ্তা, ৩ মে’: ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিত প্রচণ্ড নাটনি হোৱা অক্সিজেনৰ সমস্যা সমাধান কৰিবলৈ নাইট্রজেন প্লেণ্টক অক্সিজেন প্লেণ্টলৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপ লৈছে কেন্দ্রীয় চৰকাৰে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে এই সন্দর্ভত এক পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ লক্ষণীয় যে এই পর্যালোচনা বৈঠকত প্রধানমন্ত্রীগৰাকীয়ে যথাসম্ভৱ শীঘ্রে নাইট্রজেন প্লেণ্টৰ পৰা অক্সিজেন উৎপাদন কৰাৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷

উল্লেখ্য যে কিছুসংখ্যক উদ্যোগত নাইট্রজেন প্লেণ্টৰ পৰা অক্সিজেন উৎপাদন কৰিব পাৰি বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে৷ তথ্য মতে ১৪ উদ্যোগত নাইট্রজেন প্লেণ্টৰ পৰা অক্সিজেন উৎপাদন কৰাৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে৷

You might also like