নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২.৬১ কোটিত বিক্রী এটা গৰু পোৱালি

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ এগৰাকী স্পাইচ গার্লৰ নামেৰে নামকৰণ কৰা চেউৰী গৰু পোৱালি এজনীৰ বিক্রী মূল্যই অভিলেখ গঢ়িছে পৃথিৱীত৷ ‘প’ছ স্পাইচ’ নামৰ এই চেউৰী গৰু পোৱালিজনী বিক্রী হৈছে ২ লাখ ৬২ হাজাৰ পাউণ্ড অর্থাৎ ২ কোটি ৬১ লাখ টকাত৷ ব্রিটেইন আৰু ইউৰোপতেই আটাইতকৈ মূল্যৱান পোহনীয়া জন্তু নহয় এই প’ছ স্পাইচ৷ পৃথিৱীজুৰি প’ছ স্পাইচৰ বিক্রী মূল্যই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্য৷ মই ইংলেণ্ডৰ শ্রপ ছায়াৰৰ লজ পামত চাৰি মাহ পূর্বে জন্ম হৈছিল এই গৰু পোৱালিটোৰ৷ ৱাইল’ডজ প’ছ স্পাইচ হৈছে এটি অতি সুঠাম পোৱালি৷ যোৱা মাহত এই গৰু পোৱালিটো কার্লিছত দুগুণ মূল্যত নিলাম হৈছে৷ ২০১৪ চনত ১ লাখ ৩১ হাজাৰ ২৫০ পাউণ্ডত এটি গৰু পোৱালি বিক্রী হৈছিল৷ এয়া আছিল এক অভিলেখ৷ ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ কাকতৰ প্রতিবেদন অনুসৰি ১৯৮৯ চনত ক্রিষ্টাইন উইলিয়ামছ আৰু তেওঁৰ প্রয়াত পিতৃ ডনে প্রতিষ্ঠা কৰিছিল এক পশু পাম৷ পশু পালনৰ জৰিয়তে তেওঁলোকে ব্রিটেইনত অভিলেখ গঢ়ি তুলিছিল৷ প’ছ স্পাইচৰ নিলামৰ পিছতে গৰু পোৱালিটো ক্রয় কৰা কাম্ব্রিয়াৰ মেছার্ছ জেনকিছন আৰু গ্রেটাৰ মানচেষ্টাৰৰ বাইডেন তথা ডেভিচলৈ অভিনন্দন জ্ঞাপন কৰিছে ব্রিটিছ নিমুছিন কেটেল ছ’চাইটীৰ সচিব উইল কেটলিয়ে৷ প’ছ স্পাইচৰ এই বিক্রীৰ জৰিয়তে ব্রিটিছ পশুপালকসকল উৎসাহিত হ’ব বুলিও কেটলিয়ে উল্লেখ কৰিছে৷

You might also like