নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক ৰায়দানঃ একেলগে ৩৮ জনক ফাঁচীৰ নিৰ্দেশ, ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰত এটা বিৰল ৰায়দান আদালতৰ। ৰায়দান অনুসৰি দোষী সাব্যস্ত হোৱা ৪৯ জনৰ ভিতৰত ৩৮ জনক গুজৰাটৰ এখন বিশেষ আদালতে মৃত্যুদণ্ড প্ৰদান কৰে। একেলগে ইমানকেইজন দোষীক মৃত্যুদণ্ডৰ ৰায় দিয়া ঘটনা দেশত ইয়ে প্ৰথম। ইপিনে বাকী ১১ টা দোষীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে।

উল্লেখ্য যে ২০০৮ চনৰ ২৬ জুলাইত ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল আহমেদাবাদ। সেইদিনা মুঠ ৭০ মিনিটৰ ভিতৰত ২১ টা স্থানত বিস্ফোৰণ সংঘটিত হৈছিল। সেই বিস্ফোৰণত ৫৬ জন লোক মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল ২০০ ৰো অধিক লোক। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে বিস্ফোৰণটো ইণ্ডিয়ান মুজাহিদীন নামৰ এটা উগ্ৰপন্থী গোটে সংঘটিত কৰিছিল।

মন কৰিবলগীয়া যে এই বিস্ফোৰণৰ তদন্ত কৰি আৰক্ষীয়ে লগে লগে চুৰাটৰ বিভিন্ন স্থানত বোমাও উদ্ধাৰ কৰে। প্ৰথমতে আহমেদাবাদত ২০ জন আৰু চুৰাটত ১৫ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। প্ৰথমাবস্থাত ৮৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও পাছত অভিযুক্তৰ সংখ্যা ৭৭ লৈ হ্ৰাস হয়। এই ঘটনাৰ প্ৰথম শুনানি ২০০৯ চনৰ ডিচেম্বৰত আৰম্ভ হৈছিল। অভিযুক্তসকলক হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগৰ সৈতে ইউপিএ ধাৰাৰ অধীনতো গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৰ বিচাৰ দীৰ্ঘদিন ধৰি চলি আছিল। অৱশেষত আদালতে কেইদিনমান আগতে ৰায় দিছিল। গোচৰটোৰ ৭৭ জন অভিযুক্তৰ ভিতৰত ২৮ জনক অব্যাহতি দিয়া হৈছিল আৰু ৪৯ জন লোকক দোষী সাব্যস্ত কৰা হৈছিল। যাৰ ভিতৰত আজি ৩৮ জনক মৃত্যুদণ্ডৰ ৰায় দিয়ে আদালতে।

You might also like