নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তা আঁতৰা নাই এপিএছচিৰ মূল পৰীক্ষাৰ

উচ্চ ন্যায়ালয়ত পুনৰ হ’ব শুনানি

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাক লৈ সৃষ্টি হোৱা অনিশ্চয়তা এতিয়াও দূৰ হোৱা নাই৷ ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা গোচৰৰ বাবেই এই মূল পৰীক্ষাক লৈ সৃষ্টি হৈছে অনিশ্চয়তা৷ ইতিমধ্যে এই গোচৰটোৰ কেইবাটাও শুনানি গ্রহণ কৰা হৈছে যদিও এতিয়াও কোনো নির্দিষ্ট নির্দেশনা নিদিয়া বাবে আয়োগে এতিয়াও ঘোষণা কৰিব পৰা নাই মূল পৰীক্ষাৰ দিন৷ অৱশ্যে ইতিমধ্যে মূল পৰীক্ষাৰ বাবে প্র–পত্র পূৰণ প্রক্রিয়া সম্পূর্ণ হৈছে৷ এই সন্দর্ভত ৰুজু হোৱা গোচৰ সোমবাৰে পুনৰ শুনানিৰ বাবে তালিকাভুক্ত হৈ আহিছিল যদিও কোনো নির্দিষ্ট নির্দেশ প্রদান নকৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ বৰঞ্চ পুনৰ শুনানিৰ বাবে গোচৰটোৰ দিন অহা বৃহস্পতিবাৰে ধার্য কৰিছে৷ আইনী মেৰপেঁচত সোমাই পৰা বাবেই সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে আশাত বন্দী হৈ ৰৈছে ৪ সহস্রাধিক প্রাৰম্ভিক পৰীক্ষাত উত্তীর্ণ হোৱা প্রার্থী৷ উদ্বিগ্ণতাৰ মাজেৰেই এইসকল পৰীক্ষার্থীয়ে অপেক্ষা কৰি ৰৈছে আদালতৰ ৰায়লৈ৷

উল্লেখ্য যে যোৱা নৱেম্বৰ মাহত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছিল৷ সমান্তৰালভাৱে বৰাক উপত্যকা আৰু পাহাৰীয়া জিলাকেইখনক ভাষাৰ প্রশ্ণকাকতত অৱতীর্ণ হোৱাৰ বাবে ৰেহাই প্রদান কৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছিল৷ এই গোচৰসমূহৰ এক শুনানিত ন্যায়ালয়ে এইবাৰ ভাষাৰ প্রশ্ণকাকত অবিহনে মূল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাময়িকভাৱে আয়োগক অনুমতিও প্রদান কৰিছে৷ ইয়াৰ মাজতে ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰক প্রত্যাহ্বান জনাই পুনৰ আন এখন আবেদন দাখিল হয় উচ্চ ন্যায়ালয়ত৷ এই আবেদনখন পূর্বৰ বিচাৰপীঠৰ পৰিৱর্তে আন এখন বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে৷ সেয়েহে এই আবেদনখনৰ ভিত্তিত পৰীক্ষাত সাময়িকভাৱে স্থগিতাদেশ প্রদান কৰি পূর্বৰ গোচৰসমূহৰ শুনানি গ্রহণ কৰা বিচাৰপীঠত পুনৰ তালিকাভুক্ত কৰিবলৈ নির্দেশনা দিয়ে৷ ফলস্বৰূপে আন গোচৰসমূহৰ সৈতে এই নতুন গোচৰসমূহ পুনৰ শুনানিৰ বাবে তালিকাভুক্ত হৈ আহে৷ এই গোচৰসমূহৰ একেলগে শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে আয়োগক পৰীক্ষাৰ দিন তেওঁলোকৰ অনুমতি নোহোৱাকৈ ঘোষণা নকৰিবলৈ আয়োগক নির্দেশ দিছিল৷ সম্প্রতি এই নির্দেশনাই বাহাল থকাৰ ফলত মূল পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ অব্যাহত আছে অনিশ্চয়তা৷

You might also like