নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত জন্মা শিশুৱে দেখিব অধিক বনজুই–বান

জার্মানীৰ পোটছডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিছার্চৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ ২০২১ চনত জন্মা শিশুৱে তেওঁৰ ককাকতকৈ অধিক প্রাকৃতিক দুর্যোগ দেখিবলৈ পাব৷ ককাকৰ তুলনাত বনজুই দুগুণতকৈ অধিক, খৰাং দুগুণৰ পৰা তিনিগুণ অধিক, নদীৰ বানপানী তিনিগুণতকৈ অধিক, শস্য বিনষ্ট তিনিগুণতকৈ অধিক আৰু তাপপ্রবাহ সাতগুণ অধিক দেখিবলৈ পাব৷ অর্থাৎ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱ এই শিশুসকলে নিজৰ জীৱনকালত অধিক দেখিবলৈ পাব৷

এই উদ্বেগজনক সম্ভাৱনা ব্যক্ত কৰিছে জার্মানীৰ গৱেষকৰ দল এটাই৷ জার্মানীৰ পোটছডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইমপেক্ট ৰিছার্চৰ দ্বাৰা প্রকাশিত এক প্রতিবেদনত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷

উল্লেখ্য যে সেউজগৃহ গেছ নির্গমন প্রক্রিয়া যদি পেৰিছ জলবায়ু চুক্তি অনুসৰি নিয়ন্ত্রণ কৰিব নোৱাৰে তেতিয়াহ’লে পৃথিৱীৰ অস্তিত্বৰ প্রতি ভাবুকি আহিব৷ মানৱ জাতি কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ ২০২১ চনৰ শিশুৱে তেওঁৰ ভৱিষ্যত জীৱনত প্রচণ্ড তাপপ্রবাহ, অনাবৃষ্টি, খৰাং, বান, বনজুই আদিৰ লেখীয়া ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া বিষয়টোৱে ভৱিষ্যৎ প্রজন্মলৈ শংকা নমাই আনিব৷

You might also like