নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬/১১ মুম্বাই আক্ৰমণৰ তেৰটা বছৰ সম্পূৰ্ণ

নিউজডেস্ক, ২৬ নৱেম্বৰঃ ২০০৮ চনৰ ২৬ নৱেম্বৰ । আজিৰ এই দিনটোতে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণত ৩০০ জন লোক আহত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৬ জন লোকে । যাৰ বাবে এই ক’লা দিনটো আজিও পাহৰিব পৰা নাই সমগ্ৰ ভাৰতবাসীয়ে।

উল্লেখ্য যে নাৱেৰে অহা লস্কৰ-ই-তৈবাৰ ১০ জনীয়া সন্ত্ৰাসবাদী দলটোৱে মুম্বাইত প্ৰৱেশ কৰি নিৰীহ লোকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে । এই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৬৬ জন লোকে। ইপিনে ভাৰতীয় নিৰাপত্তা বাহিনীৰ হাতত এই ১০ জনীয়া সন্ত্ৰাসবাদী দলটোৰ ৯ টা সন্ত্ৰাসবাদীয়ে প্ৰাণ হেৰুৱায় । অৱশ্যে ইয়াৰে এটা সন্ত্ৰাসবাদী আজমল কাছভক জীৱিত ভাৱে আটক কৰে নিৰাপত্তা বাহিনীয়ে । পাছত আজমল কাছভকো ফাঁচীৰ শাস্তি প্ৰদান কৰা হয় ।

You might also like