নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰমুখত নামনিমুৱা ইন্টাৰচিটী ৰেলৰ পৰা অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ নগাঁও জিলাৰ চাপৰমুখ ৰেলৱে জংচনত নামনিমুৱা যাত্ৰীবাহী ইন্টাৰচিটী ৰেলৰ পৰা আজি পুৱতি নিশা এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। চাপৰমুখ চৰকাৰী ৰেল আৰক্ষীৰ পৰা জানিব পৰা মতে আজি পুৱতি নিশা নামনিমুৱা যাত্ৰীবাহী ইন্টাৰচিটী ৰেলখনত তহলদাৰী আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত এটা ডবাত লংপেন্ট-চাৰ্ট পৰিহিত  প্ৰায় ৩৮ বছৰীয়া এজন  যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰে। পাছত আৰক্ষীয়ে যুৱকজনক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱাত চিকিৎসকে যুৱকজন মৃত বুলি নিশ্চিত কৰাত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে পাহাৰীয়া অঞ্চলৰ জনজাতীয় চেহেৰাৰ অচিনাক্ত মৃত যুৱকজনৰ পৰা আৰক্ষীয়ে কোনো পৰিচয় পত্ৰ, ঠিকনা লাভ কৰিবলৈ সক্ষম নহ’ল।

প্ৰেৰকঃ ভৱজ্যোতি ডেকা ৰহা

You might also like