নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুইছ বেংকত ভাৰতীয় লোকৰ নামত ৩৪ লাখ একাউণ্ট

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: প্রৱাসী ভাৰতীয় আৰু দেশীয় সংস্থাৰ প্রায় ৩৪ লাখ ছুইছ বেংক একাউণ্টৰ তথ্য ভাৰত চৰকাৰৰ হাতত দাখিল কৰিলে ছুইজাৰলেণ্ডে৷ এই একাউণ্টবোৰ যি সমস্ত ভাৰতীয় নাগৰিক আৰু সংস্থাৰ নামত খোলা হৈছে সেই ব্যক্তি তথা সংস্থাবোৰ বিশ্বৰ ১০১খন দেশত বিয়পি আছে বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ এতিয়ালৈকে একেৰাহে চতুর্থ বছৰ ছুইছ বেংকত ভাৰতীয় লোকৰ ক’লা ধন থকাৰ তথ্য লাভ কৰিলে ভাৰতে৷ আজি এক বিবৃতিত ছুইজাৰলেণ্ডৰ ফেডাৰেল টেক্স এডমিনিষ্ট্রেচন (এফটিএ)ৰ বিষয়ববীয়াসকলে উল্লেখ কৰিছে যে ভাৰতৰ সৈতে ছুইজাৰলেণ্ডত স্বয়ংক্রিয় তথ্য বিনিময় চুক্তিৰ অংশ হিচাপে যোৱা ছেপ্ঢেম্বৰত এই তথ্যবোৰ জনোৱা হৈছে৷ আগন্তুক বর্ষৰ ছেপ্ঢেম্বৰ মাহতো ছুইজাৰলেণ্ডে ভাৰত চৰকাৰৰ হাতত দাখিল কৰিব এই তথ্য৷ লক্ষণীয়ভাৱে ভাৰতসহ ৮৬খন দেশৰ সৈতে এই তথ্য বিনিময় চুক্তি আছে ছুইজাৰলেণ্ডৰ৷

You might also like