নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কার্যালয়ত হিন্দী ভাষা ব্যৱহাৰৰ প্রস্তাৱ সংসদীয় কমিটীৰ

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: হিন্দী ভাষা চৰকাৰী কামত ব্যৱহাৰৰ বাবে সংসদীয় কমিটীয়ে আগবঢ়োৱা প্রস্তাৱ ইতিমধ্যে ৰাষ্ট্রপতিৰ ওচৰলৈ প্রেৰণ কৰা ঘটনাক লৈ দেশৰ বিভিন্ন ৰাজ্য উত্তপ্ত হৈছে৷ প্রস্তাৱত উল্লেখ কৰা হৈছে যে কেন্দ্রীয় বিদ্যালয়, আই আই টিত শিক্ষাদান আনকি হিন্দীভাষী ৰাজ্যৰ উচ্চ ন্যায়ালয় তথা অন্যান্য কার্যালয়ত ইংৰাজীৰ পৰিৱর্তে হিন্দী ভাষা ব্যৱহাৰ কৰিব লাগে৷ উল্লেখনীয় যে এই প্রস্তাৱ আগবঢ়োৱা সংসদীয় কমিটীৰ নেতৃত্বত আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ কিছুদিন পূর্বে দেশৰ প্রধান ভাষা হিচাপে হিন্দীৰ পক্ষে যুক্তি দর্শাই বিতর্কৰ সন্মুখীন হৈছিল অমিত শ্বাহ৷ এইবাৰ প্রস্তাৱত উল্লেখ কৰা হৈছে যে ৰাষ্ট্রসংঘতো ভাৰতৰ চৰকাৰী ভাষা হিচাপে স্বীকৃত হ’ব লাগে হিন্দী৷ কেন্দ্রীয় চৰকাৰৰ এই প্রস্তাৱৰ পিছতে পশ্চিমবংগৰ শিক্ষাবিদ আৰু বিদ্বৎ সমাজে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে৷ ইফালে, দক্ষিণৰ ৰাজ্যসমূহতো আৰম্ভ হৈছে কেন্দ্রীয় চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে বিক্ষোভ৷

You might also like