নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰুক ‘ৰাষ্ট্রীয় পশু’ ঘোষণাৰ আবেদন অগ্রাহ্য ছুপ্রিম ক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: গৰুক ৰাষ্ট্রীয় পশু ঘোষণাৰ বাবে কেন্দ্রীয় চৰকাৰক নির্দেশ দিবলৈ আবেদন জনোৱা গোচৰ অগ্রাহ্য কৰিছে উচ্চতম ন্যায়ালয়ে৷ আজি দেশৰ শীর্ষ আদালতখনৰ বিচাৰপতি এছ কে কৌল আৰু অভয় এছ ওকাৰ বিচাৰপীঠে এই আবেদন অগ্রাহ্য কৰি আবেদনকাৰী পক্ষক তীব্র ভর্ৎসনা কৰিছে৷ উল্লেখনীয় যে ‘গোবংশ সেৱা সদন’সহ কেইবাটাও সংগঠনৰ তৰফৰ পৰা শীর্ষ আদালতখনত এই আবেদন জনোৱা হৈছিল৷ ইয়াৰ উপৰি গো হত্যাৰ ফলত মৌলিক অধিকাৰ উলংঘা হোৱা বুলিও আবেদনত উল্লেখ কৰা হৈছিল৷ কিন্তু দুয়োগৰাকী বিচাৰপতিৰ বিচাৰপীঠে এই বিষয়ত কেন্দ্রৰ মতামত বিচাৰি জাননী প্রেৰণ কৰাৰ আবেদন খাৰিজ কৰি দিছে৷ ইয়াৰ লগতে আবেদনকাৰী পক্ষৰ অধিবক্তাক ভর্ৎসনা কৰি বিচাৰপীঠখনে ‘এয়াও কি আদালতৰ কাম’ বুলি প্রশ্ণহে কৰিছে৷

You might also like