নিউজ ডেস্ক, ৫ ফেব্রুৱাৰী : কিছুবছৰ পূর্বে ব্লু হোৱেল নামৰ এটা ম’বাইল গেমে কাঢ়ি নিছিল বহুজনৰ প্রাণ৷ সেই আতংকই পুনৰ উভতি আহিল গাজিয়াবাদলৈ৷ মাজনিশা এটা বহু মহলীয়া অট্টালিকাৰ দশম মহলাৰ বাৰাণ্ডাৰ পৰা তলত পৰে তিনি কিশোৰী ভগ্ণী৷ এয়া চৰম পথৰ ঘটনা বুলিয়েই ধাৰণা কৰা হৈছে৷ পোৱা গৈছে এটা টোকাও৷ ইয়াকে লৈ আৰম্ভ হৈছে চর্চা৷
শোকত ভাগি পৰা তিনি কন্যাৰ পিতৃ চেতন কুমাৰে দাবী কৰে যে তেওঁলোকে ঘুণাক্ষৰেও বুজিব পৰা নাই কি নিচাৰ কবলত পৰিছিল তেওঁৰ ছোৱালীকেইজনী৷ তেওঁ জনায়, ‘সিহঁতে কিবা এটা কোৰিয়ান গেম খেলিছিল৷ এই সন্দর্ভত আমাৰো কোনো ধাৰণা নাই৷ কালি আছিল গেমটোৰ ফাইনেল টাস্ক৷ সিহঁতে কিন্তু আমাক একোৱেই কোৱা নাছিল৷ সিহঁতৰ জীৱনত কি চলিছিল বুজিব পৰা নাই আমি৷ আৰক্ষীয়ে জনাইছে যে তেওঁলোকে ঘটনাটোৰ সমস্ত দিশ চালিজাৰি চাইছে৷ ধাৰণা নহয় যে কোনো দুর্ঘটনাৰ ফলত এই ঘটনা ঘটিছে৷ হয়তো কিবা এটা নির্দেশ আছিল সেই গেমটোত৷ ঘটনাটোৰ সকলো দিশ আমি চালিজাৰি চাই আছোঁ৷’
প্রাপ্ত টোকাটোত লিখা আছে- ‘সত্য জীৱন কাহিনী৷ এই ডায়েৰীত আমি যিবোৰ লিখিছোঁ, সকলোবোৰ পঢ়ি লওক৷ কিয়নো এইবোৰেই সত্য৷ পঢ়ি লওক৷ আমি সঁচাকৈয়ে দুঃখিত৷ মাম্মী, পাপা ছ’ৰী…৷’ ইতিমধ্যে তিনিওৰে ম’বাইল ফোন ফৰেনছিক তদন্তৰ বাবে পঠিওৱা হৈছে৷