নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ অক্টোবৰত গুৱাহাটীৰ ৬ হাজাৰ পৰিয়াললৈ ভূমিপট্টা

সুদীর্ঘ প্রতীক্ষাৰ অন্ত, বাস্তৱ হ’ব দীর্ঘদিনীয়া সপোন

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ   মহানগৰীৰ কেইবাহাজাৰ পৰিয়ালৰ দীর্ঘদিনীয়া সপোন বাস্তৱ হোৱাৰ পথত আগবাঢ়িছে৷ সমগ্র ৰাজ্যত থলুৱা লোকে ভোগ দখল কৰি থকা ভূমিৰ পট্টা দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰাৰ ফলত গুৱাহাটী মহানগৰীৰ ৬ হাজাৰ পৰিয়ালেও মাটিৰ পট্টা লাভ কৰিব৷ অহা ৫ অক্টোবৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গুৱাহাটীত আনুষ্ঠানিকভাৱে ভূমিপট্টা প্রদান কৰিব৷ ইয়াৰ সমান্তৰালকৈ অন্যান্য জিলাসমূহতো উপায়ুক্তৰ জৰিয়তে ভূমিপট্টা প্রদান কৰা হ’ব৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া মতে, গুৱাহাটী, দিছপুৰ, আজাৰা, চন্দ্রপুৰ আৰু সোণাপুৰ ৰাজহ চক্র কার্যালয়ৰ অধীনৰ প্রায় ৬ হাজাৰ পৰিয়ালে ৫ অক্টোবৰত ভূমিপট্টা লাভ কৰিব৷ প্রতিটো ৰাজহ চক্রৰ কার্যালয়ত আবেদনকাৰীৰ কবুলা পৰীক্ষা–নিৰীক্ষা কৰি থকা হৈছে৷ কামৰূপ (ম) জিলাৰ দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ অধীনত সর্বাধিক ৪ হাজাৰ পৰিয়ালে ভূমিপট্টা লাভ কৰাৰ সম্ভাৱনা আছে৷ ৰাজ্য চৰকাৰৰ নির্দেশ মতে পর্যায়ক্রমে গুৱাহাটী মহানগৰীত চৰকাৰী ভূমিত বসবাস কৰা লোকসকলেও ভূমিপট্টা লাভ কৰিব বুলি উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে প্রতিবছৰে ১ লাখ পৰিয়ালক ভূমিপট্টা দিয়াৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰে অংশ হিচাপে প্রায় ৪৬ হাজাৰ পৰিয়ালক ইতিমধ্যে ভূমিপট্টা প্রদান কৰা হৈছে৷ ৰাজ্যৰ প্রায় ৫৫ হাজাৰ থলুৱা পৰিয়ালক আনুষ্ঠানিকভাৱে ৫ অক্টোবৰত ভূমিপট্টা প্রদানৰ যো–জা চলাইছে চৰকাৰে৷ লক্ষণীয় যে গুৱাহাটীৰ পাহাৰ অঞ্চলত বসবাস কৰা প্রায় ৮৫ হাজাৰ পৰিয়ালে এতিয়াও ভূমিপট্টা লাভ কৰা নাই৷ এই লোকসকলৰ সৰহসংখ্যকে ভূমিপট্টা বিচাৰি কবুলা ৰাজহ চক্রৰ কার্যালয়ত জমা দিছে৷ ভূমিপট্টা দিয়াৰ দাবীত গুৱাহাটী মাটি পট্টা সংগ্রাম সমিতিকে ধৰি কেইবাটাও দল–সংগঠনে বিভিন্ন সময়ত প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ গুৱাহাটী মাটি পট্টা সংগ্রাম সমিতিৰ সভাপতি প্রবীণজ্যোতি কলিতাই জানিবলৈ দিয়া মতে, সংগঠনটোৱে ভূমিপট্টা বিচাৰি প্রায় ২২ হাজাৰ পৰিয়ালৰ কবুলা জমা দিছে৷ এতিয়ালৈকে চৰকাৰে পাহাৰ অঞ্চলত বসবাস কৰা লোকসকলক ভূমিপট্টা প্রদান কৰা নাই৷ কবুলাসমূহৰ পৰীক্ষা–নিৰীক্ষা কৰি পর্যায়ক্রমে ভূমিপট্টা প্রদান কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক  গুৱাহাটী মাটি পট্টাকৰণ সমিতিৰ সভাপতি কলিতাই দাবী জনায়৷

You might also like