নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ মাহ পিছত সংজ্ঞা ঘূৰাই পালে ইটালীৰ ৩৭ বছৰীয়া মহিলাই

ক্রিষ্টিনা ৰ’জীৰ ঘটনাক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা

নিয়মীয়া বাৰ্তা ১১ জুনঃ ১০ মাহ ধৰি সংজ্ঞাহীন অৱস্থাত থকা ইটালীৰ মহিলা এগৰাকীয়ে পুনৰ সংজ্ঞা ঘূৰাই পোৱা ঘটনাক লৈ দেশখনৰ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ক্রিষ্টিনা ৰ’জী নামৰ ৩৭ বছৰীয়া মহিলাগৰাকী যোৱা বছৰ জুলাই মাহত আছিল ৭ মাহৰ গর্ভৱতী৷ হূদৰোগত আক্রান্ত হোৱাৰ পিছত ক্রিষ্টিনাক ছিজাৰিয়ান পদ্ধতিৰে সন্তান প্রসৱ কৰোৱা হৈছিল৷ তেতিয়াৰে পৰা সংজ্ঞাহীন অৱস্থাত আছিল মহিলাগৰাকী৷ মহিলাগৰাকীৰ মগজু বিকল হোৱা বুলি চিকিৎসকসকলে ধাৰণা কৰিছে৷ কিন্তু কালি প্রথমবাৰৰ বাবে মহিলাগৰাকীয়ে মাতৃ কাটেৰিনাক সঁহাৰি দিয়ে৷ ক্রিষ্টিনাৰ স্বামীয়ে উল্লেখ কৰা অনুসৰি ১০ মাহ পিছত সংজ্ঞা ঘূৰাই পোৱা তেওঁৰ পত্নীয়ে প্রথমবাৰলৈ মা মা বুলি মাকক মাতিবলৈ লয়৷ এই ঘটনাৰ লগে লগে পৰিয়ালত আনন্দৰ বন্যা ববলৈ ধৰে৷ লক্ষণীয়ভাৱে চিকিৎসা বিজ্ঞানীসকলৰ বাবেও এয়া এক আশ্চর্যজনক ঘটনা হিচাপে চিহ্ণিত হৈছে৷

You might also like