নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিদিনীয়া ভ্রমণসূচীৰে আজি শ্রীলংকালৈ মন্ত্রী জয়শংকৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ আজি তিনিদিনীয়া ভ্রমণসূচীৰে দ্বীপ ৰাষ্ট্র শ্রীলংকালৈ যাত্রা কৰিব বিদেশ মন্ত্রী এছ জয়শংকৰে৷ শ্রীলংকাৰ সৈতে ভাৰতৰ মৈত্রী সুদৃঢ় কৰাৰ প্রচেষ্টা চলাব বিদেশ মন্ত্রীগৰাকীয়ে৷ দেশখনত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়াসকলৰ মুক্তিৰ বিষয়টো কলম্বো প্রশাসনৰ সৈতে জয়শংকৰে আলোচনা কৰাৰ সম্ভাৱনা আছে৷

স্মর্তব্য যে ২০১৯ৰ নৱেম্বৰত দেশখনৰ ৰাষ্ট্রপতি হিচাপে গোটাবায়া ৰাজাপাক্সেই দায়িত্ব গ্রহণ কৰাৰ দিনাখনেই জয়শংকৰে কলম্বো ভ্রমণ কৰিছিল৷ দুয়োখন প্রতিৱেশী দেশৰ মাজত সম্পর্ক সুদৃঢ় কৰাৰ পোষকতা কৰি আহিছে বিদেশমন্ত্রী এছ জয়শংকৰে৷ কাইলৈৰ পৰা তিনিদিনীয়া ভ্রমণসূচীৰে শ্রীলংকাত উপস্থিত হোৱাৰ পিছত জয়শংকৰে দেশখনৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ সৈতে আলোচনাত মিলিত হ’ব৷

You might also like