নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ লোকসভা আসনত অকলে প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কেজৰিৱালৰ

🔹 পঞ্জাবত কংগ্রেছক এৰিলে আপে

বিশেষ বাৰ্তা, ১০ ফেব্রুৱাৰী : বিৰোধী জোঁট ‘ইণ্ডিয়া’ত আন এক অঘটন৷ পঞ্জাবত শাসকীয় আম আদমী পার্টী (আপ)–এ ‘ইণ্ডিয়া’ৰ সৈতে কোনো সম্পর্ক ৰক্ষা নকৰে৷ সমাগত লোকসভা নির্বাচনত পঞ্জাবত অকলেই প্রতিদ্বন্দ্বিতা আগবঢ়াব আপে৷ আজি ৰাজ্যখনৰ খান্নাত দিল্লীৰ মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে কয় যে পঞ্জাবত ‘ইণ্ডিয়া’ৰ সৈতে কোনো মিত্রতা নকৰে দলটোৱে৷ ৰাজ্যখনৰ ১৩টা লোকসভা সমষ্টি আৰু চণ্ডীগড়ৰ সমষ্টিটোত অর্থাৎ ১৪টা সমষ্টিত অকলে প্রতিদ্বন্দ্বিতা আগবঢ়াব আম আদমী পার্টীয়ে৷ আপে শীঘ্রেই পঞ্জাবৰ ১৩খন আসনৰ বাবে আৰু চণ্ডীগড়ৰ আসনখনৰ বাবে প্রার্থী ঘোষণা কৰিব৷ উল্লেখনীয় যে আজি আপৰ মুৰব্বীগৰাকীয়ে পঞ্জাবত কেইবাটাও চৰকাৰী কার্যসূচীত উপস্থিত থাকে৷ এই কার্যসূচীত পঞ্জাবৰ মুখ্যমন্ত্রী ভগৱন্ত মানো উপস্থিত থাকে৷ তাৎপর্যপূর্ণ যে লোকসভা নির্বাচনত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপিক প্রতিহত কৰাৰ বাবে দেশৰ প্রধান বিৰোধী দল কংগ্রেছসহ কেইবাটাও দলে ‘ইণ্ডিয়া’ গঠন কৰিছিল৷ কিন্তু আসন ভাগ–বাটোৱাৰাক লৈ লোকসভা নির্বাচনৰ পূর্বে ‘ইণ্ডিয়া’ত ভাঙোন আৰম্ভ হৈছে৷ পশ্চিমবংগত মমতা বেনার্জীয়ে ‘ইণ্ডিয়া’ৰ সৈতে সম্পর্ক নাৰাখে বুলি ঘোষণা কৰিছে৷

You might also like