নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত ৬ টা চিতাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৮ মেঃ ভাৰত চৰকাৰৰ প্ৰজেক্ট চিতা বাঘৰ প্ৰকল্প এক দুঃস্বপ্ন বুলি প্ৰমাণিত হৈছে। বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু দুটা পোৱালিৰ মৃত্যু হয়। ইয়াৰ পূৰ্বে কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা পোৱালিৰ মৃত্যু হৈছিল। আন এটা পোৱালিৰ অৱস্থা সংকটজনক হৈয়ে আছে, যাক পৰ্যবেক্ষণত ৰখা হৈছে। এই সকলোবোৰ পোৱালি মাইকী চিতা ‘জ্ৱালা’ৰ সন্তান।

এই তিনিটা পোৱালিৰ মৃত্যুকে ধৰি আফ্ৰিকাৰ পৰা ভাৰতলৈ অহা মুঠ ৬টা চিতা বিগত ২ মাহত মৃত্যু হৈছে।

কুনো ৰাষ্ট্ৰীয় উদ্যানে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি ২৩ মে’ দিনটো আছিল ঋতুৰ আটাইতকৈ গৰম দিন। দিনটো আগবাঢ়ি যোৱাৰ লগে লগে গৰম বাঢ়ি আহিল আৰু তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলছিয়াছ পালে আৰু জ্ৱালাৰ পোৱালিবোৰৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ৰোগীয়া পোৱালিটোক পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। কমেও এমাহৰ বাবে তাক পৰ্যবেক্ষণত ৰখা হ’ব। যোৱা দুদিনৰ তুলনাত তাৰ অৱস্থাৰ উন্নতি হৈছে।

You might also like