নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনফ্লুৱেঞ্জা

Influenza হৈছে হঠাতে শ্বাসনলীত সংক্রমণ হোৱা যেনে– হাঁওফাঁও, নাক, ডিঙিত সংক্রমণ হয়৷Influenza ভাইৰাছ বুলি কোৱা হয়৷Influenza অতি খৰকৈ বিয়পে৷ ই গোটেই পৃথিৱীত হ’ব পাৰে বা স্থানীয়ভাৱে হোৱা মহামাৰী৷ যিটো ঠাইত হয় তাক পেনডিমিক বুলি কোৱা হয়৷ পৰিৱেশজনিত উপাদানৰ কাৰণঃ ই তিনিটা প্রতিৰোধ ক্ষমতাInfluenza ভাইৰাছ৷ যেনে– এ, বি, চি৷ টাইপ এ অতি বেছি সংক্রমণ হয়৷ টাইপ চি সাধাৰণভাৱে হৈ থাকে৷
২৷ ক’ৰ পৰা হয় ঃ (১) বেমাৰ হৈ থাকে (২) বেমাৰটো ধৰা নপৰে৷
৩৷ সংক্রমণৰ সময়ত বেমাৰটো আৰম্ভ হোৱাৰ পৰা সাত দিনলৈ বিয়পিব পাৰে৷
৪৷ সকলো বয়সৰ লিংগৰ মাজত বিয়পিব পাৰে৷ বিশেষকৈ ল’ৰা–ছোৱালী, বয়সস্থ মানুহ, গর্ভৱতী মহিলা আদি৷
৫৷ এবাৰInfluenza সংক্রমণ হ’ল আঠৰ পৰা বাৰ মাহলৈকে থাকে৷
৬৷ এজনৰ পৰা আন এজনলৈ কেনেকৈ বিয়পে ঃ
(১) পোনে পোনে সম্পর্ক কৰিলে সংক্রমণ হয়৷
(২) ছিটিকি পৰি সংক্রমণ হয়৷
(৩) হাতেৰে চুলে বা সোনকালে দূষিত হোৱা সঁজুলি স্পর্শ কৰিলে সংক্রমণ হয়৷
৭৷ সময় একৰ পৰা দুদিনৰ ভিতৰত সংক্রমণ হয়৷
লক্ষণঃ বেমাৰটো পানীলগাৰ দৰে হয় কিন্তু লক্ষণবোৰ অতি বেছি হঠাতে হয়৷ যেনে– জ্বৰ, মূৰ কামোৰণি, কঁপনি হোৱা, ডিঙিত খুচখুচাই থকা, হাঁচি অহা, নাক বন্ধ হোৱা, গোটেই গা বিষ হোৱা, কাহ হোৱা, দুর্বল হোৱা, জ্বৰ তিনি দিনলৈ থাকিব পাৰে৷ নিমুনিয়া ব্রংকাইটিছ আৰু কাণৰ সংক্রমণ কিছুমান সদায় হৈ থকা জটিলতা থাকে৷ বেমাৰটো ভিতৰতে হৈ থাকে বাহিৰত প্রকাশ নাপায়৷ ধৰিব নোৱৰা সাধাৰণ পানীলগাৰ দৰে হয়৷
বেমাৰটো কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰিঃ
Influenza মহামাৰীটো বন্ধ কৰা ইমান সহজ নহয়৷ বেমাৰ খৰকৈ বিয়পি যায়, বেমাৰটো হোৱাৰ লগে লগে ভাৰতৰ নতুন দিল্লী চিকিৎসালয়ত আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগক জনাব লাগে৷ ৰোগীজনক পৃথকভাৱে ৰাখি চিকিৎসা কৰিব লাগে৷ জিৰণি ল’বলৈ দিব লাগে৷ ফ্লুইডছ খাবলৈ দিব লাগে৷ পেৰাচিটামল টেবলেট দিব লাগে৷ চিকিৎসা কৰাৰ পিছত দ্বিতীয়বাৰ সংক্রমণ হ’লে প্রয়োজনীয় এণ্টিবায়’টিক দিব লাগে৷ সাধাৰণ ৰাইজক বেমাৰৰ লক্ষণৰ ওপৰত জনাব লাগে আৰু পৃথকে ৰাখিব লাগে৷
বেমাৰটো কেনেকৈ বাধা দিব পাৰিঃ
Killed Influenza ভেকচিন ব্যৱহাৰ কৰি ইয়াক বাধা দিব পাৰি৷ ২dose ১ml ৰ প্রত্যেকটোৰ মাজত দহ দিন সময় ব্যৱধান থাকিব লাগে৷ মহামাৰী হোৱাৰ আগতে প্রথম ডোজ ভেকচিন দিব লাগে৷

You might also like