নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচ্যুত চীনৰ ৰকেটঃ ধ্বংসাৱশেষ পৰিল ভাৰত মহাসাগৰত

নিয়মীয়া বাৰ্তা, ১০ মে:  মহাকাশলৈ চীনে প্রেৰণ কৰা লং মার্চ ৰকেটৰ ধ্বংসাৱশেষ আহি আজি মালদ্বীপৰ সমীপৰ ভাৰত মহাসাগৰত পৰে বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ চীনৰ স্থানীয় সময় অনুসৰি পুৱা ১০.২৪ বজাত লং মার্চ ৫–বি ৰকেটৰ এই আৱর্জনা আহি পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰে৷ ইয়াৰ পিছতে মালদ্বীপৰ সমীপৰ জলৰাশিত এই আৱর্জনাবোৰ পৰা বুলি দেশখনৰ মহাকাশ গৱেষণা সংস্থাই সদৰী কৰিছে৷ হংকঙৰ পৰা প্রকাশিত ছাউথ চাইনা মর্নিং প’ষ্টেও এক প্রতিবেদনত এই কথা সদৰী কৰিছে৷

উল্লেখনীয় যে পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰাৰ পিছতে আৱর্জনা তথা ধ্বংসাৱশেষৰ বেছিভাগেই পুৰি ছাই হয়৷ যোৱা ২৯ এপ্রিলত হাইনান প্রদেশৰ ৱেনচাঙৰ পৰা চীনে মহাকাশলৈ প্রেৰণ কৰিছিল ৰকেটটো৷ এই ৰকেটটোৱে কঢ়িয়াই নিছিল দেশখনৰ টিয়ানগং মহাকাশ আস্থানৰ এক মডিউল৷

অৱশ্যে চীনৰ মহাকাশ গৱেষণা সংস্থাই লং মার্চ ৫–বি ৰকেটৰ ধ্বংসাৱশেষ আহি ভাৰত মহাসাগৰত পৰা বিষয়টো সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা নাই৷ ৩৩ মিটাৰতকৈও অধিক উচ্চ তথা ২০ টন ওজনৰ এই বৃহৎ ৰকেটটো কক্ষপথৰ পৰা বিচ্যুত হৈ এনেদৰে পৃথিৱীৰ বায়ুমণ্ডলত প্রৱেশ কৰাৰ পূর্বেই আমেৰিকাই গভীৰ আশংকা প্রকাশ কৰিছিল৷

You might also like