নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : জম্মু আৰু কাশ্মীৰৰ বেনামী বেংক একাউণ্টৰ জৰিয়তে ধন সৰবৰাহকাৰী চক্রৰ চক্রান্ত ফাদিল কৰিলে নিৰাপত্তা সংস্থাই৷ এই বেনামী একাউণ্টসমূহ আন্তঃৰাষ্ট্রীয় প্রতাৰক চক্রৰ অন্যতম অস্ত্র৷ মূলতঃ চাইবাৰ প্রতাৰণাৰ কামত এই একাউণ্টসমূহ ব্যৱহাৰ কৰা হৈছিল৷ তেনেদৰে, বিভিন্ন সন্ত্রাসবাদী সংগঠন, বিচ্ছিন্নতাবাদী শক্তিয়ে দেশবিৰোধী কার্যকলাপত আর্থিক সাহায্য প্রদানৰ বাবেও এই একাউণ্টসমূহ ব্যৱহাৰ কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে নিৰাপত্তা সংস্থাই৷
যোৱা ৩ বছৰত জম্মু আৰু কাশ্মীৰত এনে ৮,০০০ বেনামী একাউণ্টৰ সন্ধান লাভ কৰিছিল বিষয়াসকলে৷ তাৰ ভিত্তিত এই একাউণ্টসমূহ ইতিমধ্যে ফ্রিজ কৰা হৈছে৷ নিৰাপত্তা সংস্থাৰ তৰফৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত সংবাদ প্রতিষ্ঠানে জনোৱা মতে, এই বেনামী একাউণ্টসমূহ চাইবাৰ প্রতাৰণাৰ জগতত ‘সবাতোকৈ দুর্বল, কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ লিংক’৷ কাৰণ, এই একাউণ্টসমূহৰ সহায় লৈয়ে অপৰাধৰ টকাক ক্রিপ্ট’কাৰেঞ্চীলৈ সলনি কৰা প্রায় অসম্ভৱ৷ এইধৰণৰ বেনামী বেংক একাউণ্টসমূহক কোৱা হয় মিউল একাউণ্ট৷ চাইবাৰ প্রতাৰকসকলে সাধাৰণতে নিজৰ নামত একাউণ্ট ব্যৱহাৰ নকৰি আন কোনো তৃতীয় ব্যক্তিৰ একাউণ্ট ব্যৱহাৰ কৰি অপৰাধৰ টকা বিভিন্ন ঠাইলৈ পঠিয়ায়৷