নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব তালিকাত ভাৰতীয় পাছপ’ৰ্টৰ স্থান উন্নীত

নিউজ ডেস্ক, ১৬ ফেব্রুৱাৰী : শক্তি বৃদ্ধি পালে ভাৰতীয় পাছপ’ৰ্টৰ৷ ২০২৫ চনত বিশ্ব তালিকাৰ ৮৫ নম্বৰ স্থানত থকা ভাৰতীয় পাছপ’ৰ্টৰ স্থান একেকোবে ৭৫ নম্বৰলৈ উন্নীত হয়৷ হেনলি পাছপ’ৰ্ট ইনডেক্সৰ প্রতিবেদনত শেহতীয়াকৈ প্রকাশ পাইছে এই তথ্য৷

প্রতিবেদন অনুসৰি, ২০২৫ চনৰ বিশ্ব তালিকাত ভাৰতীয় পাছপ’ৰ্টৰ স্থান আছিল ৮৫ নম্বৰত৷ ২০২৬ চনৰ আৰম্ভণিতে এই স্থান উন্নীত হয় ৮০ নম্বৰলৈ৷ এইবাৰ তাৰ পৰা উঠি ৭৫ নম্বৰ পালেগৈ৷ তদুপৰি প্রতিবেদনখনত কোৱা হৈছে যে ২০২৫ চনত ভিছা অবিহনে বিশ্বৰ ৫৭খন দেশ ভ্রমণ কৰিব পাৰিছিল ভাৰতীয়সকলে৷ সেই বছৰটোত ইৰানে ভিছা অবিহনে ভাৰতীয়সকলক সেই দেশত প্রৱেশৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰাৰ পিছত এইবাৰ গাম্বিয়াই এনে সিদ্ধান্ত গ্রহণ কৰিছে৷ বর্তমান ভাৰতীয়সকলে ভিছা অবিহনে ভ্রমণ কৰিব পাৰে ৫৬খন দেশত৷

২০২৫ চনৰ নৱেম্বৰ মাহত ইৰানে ভাৰতীয় পাছপ’ৰ্টধাৰকসকলৰ বাবে ভিছামুক্ত প্রৱেশাধিকাৰ স্থগিত ৰাখে৷ বিদেশ মন্ত্রালয়ৰ মতে, অপহৰণ আৰু মুক্তিপণৰ গোচৰত কেইবাগৰাকীও ভাৰতীয় নাগৰিক জড়িত থকাৰ অভিযোগ উঠাৰ ফলত ইৰানে এই সিদ্ধান্ত গ্রহণ কৰে৷ ইৰানৰ লগতে বলিভিয়ায়ো ভাৰতীয়সকলৰ বাবে ভিছা অন এৰাইভেল বন্ধ কৰি দিছে৷ ২০২৬ বর্ষৰ ফেব্রুৱাৰীত এই তালিকাত যুক্ত হৈছে গাম্বিয়া৷

জানিব পৰা মতে, ভাৰতৰ লগতে তালিকাৰ ওপৰৰ স্থানত থকা কেইবাখনো দেশে একেদৰেই এনে সমস্যাৰ সন্মুখীন হোৱাৰ ফলত ভাৰতৰ স্থান পাছপ’ৰ্টৰ তালিকাত ওপৰলৈ উঠিছে৷ অৱশ্যে ভাৰতৰ সৈতে সমান পইণ্ট লাভ কৰি তালিকাৰ ৭৫সংখ্যক স্থানত আছে আলজেৰিয়া আৰু নাইজাৰ৷

উল্লেখ্য যে বিশ্বৰ কেইবাখনো দেশত নির্দিষ্ট এখন ৰাষ্ট্রৰ পাছপ’ৰ্ট ব্যৱহাৰ কৰি প্রৱেশাধিকাৰ পোৱা যায়৷ তাৰ ভিত্তিতে হেনলি পাছপ’ৰ্ট ইনডেক্স তৈয়াৰ কৰা হয়৷ ভিছা নীতিত পৰিণত হ’লেই আপডেট কৰা হয় এই ইনডেক্স৷ তাৰ ভিত্তিতে নতুন তালিকা প্রকাশ কৰা হয়৷ যোৱা ১৯ বছৰ ধৰি ২২৭খন দেশ আৰু অঞ্চলৰ তথ্য বিশ্লেষণ কৰি এই তালিকা প্রকাশ কৰা হৈছে৷ এই পাছপ’ৰ্টৰ ক্রম তালিকাকে বহুতে চৰকাৰৰ বিদেশ নীতিৰ সাফল্যৰ পৰিচায়ক হিচাপে গণ্য কৰে৷ ইয়াৰ পূর্বে পাছপ’ৰ্ট সূচকেই মোদী চৰকাৰক অস্বস্তিত পেলাইছিল৷ এইবাৰ বিৰোধীৰ সমালোচনাক প্রত্যুত্তৰ দিয়াৰ সুযোগ পাইছে মোদী চৰকাৰে৷

You might also like