নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে ভাৰতত ৮৮.১৩ লাখ ভেকচিন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা হ্রাস পোৱাৰ বিপৰীতে ক’ভিড–১৯ ভেকচিন প্রদান অভিযান দ্রুততৰ কৰি তুলিছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি ৮৮.১৩ লাখ ভেকচিনৰ ড’জ প্রদান কৰা হৈছে৷ এদিনত ৮৮.১৩ লাখ ভেকচিন ড’জ প্রদানেৰে বিশ্ব অভিলেখ গঢ়িছে ভাৰতে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডৱিয়াই আজি বিবৃতিযোগে এদিনত ভেকচিন প্রদানেৰে দেশে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বুলি প্রকাশ কৰিছে৷

মন কৰিবলগীয়া যে ইয়াৰ পূর্বেও ভাৰতে ৮৫ লক্ষাধিক ভেকচিন ড’জ প্রদান কৰি অভিলেখ গঢ়িছে৷ যোৱা ২৪ ঘণ্টাত প্রদান কৰা অভিলেখসংখ্যক ৮৮.১৩ লাখ ভেকচিন ড’জকে ধৰি দেশত সম্প্রতি ৫৫.৪৭ লাখ ভেকচিন ড’জ প্রদান কৰা হৈছে৷ দেশৰ ৫ ৰাজ্য– মধ্যপ্রদেশ, গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্র আৰু উত্তৰ প্রদেশে ১৮–৪৪ বয়সৰ এক কোটিতকৈ অধিক লোকক ভেকচিনৰ ড’জ প্রদান কৰিছে৷ তেনেদৰে অন্ধ্রপ্রদেশ, অসম, ছত্তিশগড়, দিল্লী, হাৰিয়ানা, ঝাৰখণ্ড, কেৰালা, তেলেংগানা, হিমাচল প্রদেশ, ওড়িশা, পঞ্জাব, উত্তৰাখণ্ড আৰু পশ্চিমবংগই ১৮–৪৪ বছৰ বয়সৰ ১০ লাখ লোকক ক’ভিড–১৯ৰ প্রথম ড’জ প্রদান কৰিছে৷

ইপিনে, দেশত ক’ভিড–১৯ত আক্রান্তৰ হাৰ দ্রুতগতিত নিম্নগামী হৈছে৷ যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে ২৫,১৬৬জন৷ এই আক্রান্তৰ সংখ্যা হৈছে বিগত ১৫৪ দিনৰ ভিতৰত সর্বনিম্ন৷ আনপিনে যোৱা ২৪ ঘণ্টাত ৪৩৭জন লোকৰ প্রাণহানি হৈছে৷ ইয়াকে লৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৩২,০৭৯জনলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৬,৮৩০জন৷ এই লৈ সুস্থ হোৱা লোকৰ সংখ্যা ৩,১৪,৪৮,৭৫৪জনলৈ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি সুস্থতাৰ হাৰ ৯৭.৫১ শতাংশ৷

You might also like