নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙল গ্রহত অহা সপ্তাহত উৰিব ৰ’বটিক হেলিকপ্টাৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ ৰঙাগ্রহ মঙলত পাৰছেভাৰেন্স ৰ’ভাৰেৰে বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই থকা আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই জে পি এল টুইটযোগে ইঞ্জিনিউটী হেলিকপ্টাৰৰ এক আলোকচিত্র মুকলি কৰি দিছে৷

নাছাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, ১.৮ কিলোগ্রাম ওজনৰ ৰ’বটিক হেলিকপ্টাৰখন কালি বিচ্ছিন্ন হৈছে পাৰছেভাৰেন্সৰ পৰা৷

স্মর্তব্য যে পাৰছেভাৰেন্সৰ সৈতে এই ৰ’বটিক হেলিকপ্টাৰখন নাছাই মঙললৈ প্রেৰণ কৰিছিল৷ মঙলত হেলিকপ্টাৰখন উৰুৱাই নাছাই এক অভিলেখ সৃষ্টি কৰাৰ সংকল্প লৈছে৷ অহা সপ্তাহত এই হেলিকপ্টাৰখনৰ পৰীক্ষামূলক উৰণ সম্পন্ন কৰিব নাছাই৷

 পাৰছেভাৰেন্সৰ পৰা হেলিকপ্টাৰখন বিচ্ছিন্ন হোৱাৰ পিছতে ইয়াৰ উৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে মহাকাশ গৱেষণা সংস্থাটোৱে৷ অৱশ্যে মঙলপৃষ্ঠত পাৰছেভাৰেন্সৰ পৰা

You might also like