নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনে বিচৰা দল নিৰ্বাচনত জিকা বাবেই নিজৰ জিভা কাটি মন্দিৰত প্রার্থনা এগৰাকী মহিলাৰ

নিয়মীয়া বাৰ্তা, ৪ মে’: তামিলনাডু বিধানসভা নির্বাচনত দেওবাৰে ডিএমকেই বিপুল জয় সাব্যস্ত কৰাৰ পিছত এগৰাকী মহিলাই মন্দিৰত নিজৰ জিভা কাটি প্রার্থনা আগবঢ়োৱা ঘটনাই ব্যাপক চর্চা লাভ কৰিছে৷

ৰাজনীতিৰ কাৰণে ভাৰতীয় লোকে কিমান ত্যাগ কৰিব পাৰে তাৰে এক উদাহৰণ দাঙি ধৰিলে মহিলাগৰাকীয়ে৷ তথ্য মতে বিধানসভা নির্বাচনত ডিএমকেই জয়লাভ কৰিলে ৩২ বছৰীয়া ভনিতা নামৰ মহিলাগৰাকীয়ে নিজৰ জিভা কাটি মন্দিৰত প্রার্থনা জনাব বুলি প্রতিজ্ঞা কৰিছিল৷

সেইমর্মেই কালি ডিএমকেই জয়লাভৰ পিছতেই কালি পুৱা ভনিতাই মুঠালাম্মান মন্দিৰত উপস্থিত হৈ নিজৰ জিভা কাটে আৰু মন্দিৰত প্রার্থনা আগবঢ়াবলৈ চেষ্টা কৰে৷ দুখৰ বিষয় যে ক’ভিড–১৯ নির্দেশনাৰ বাবেই মন্দিৰত পূজা নিষিদ্ধ হৈ থকাত ভনিতাই নিজৰ জিভা মন্দিৰৰ গেটতে কাটি দিয়ে আৰু অচেতন হৈ বাগৰি পৰে৷

স্থানীয় লোকে ততালিকে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়৷ মন কৰিবলগীয়া যে ২০২১ বিধানসভা নির্বাচনত ডিএমকেই চিৰপ্রতিদ্বন্দ্বী শাসকীয় এআইডিএমকেক পৰাভূত কৰিবলৈ সক্ষম হয়৷

বিগত ১০ বছৰ বিৰোধীৰ শাসনত থকা ডিএমকেই চলিত বর্ষৰ বিধানসভা নির্বাচনত যাতে জয়ী হ’ব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত ভনিতা নামৰ মহিলাগৰাকীয়ে জিভা কাটি প্রার্থনা কৰিম বুলি প্রতিজ্ঞা কৰিছিল৷

You might also like