নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাৱত সাংবাদিকক কভিড ভেকচিন প্ৰদান কৰা হ’ব

নিয়মীয়া বাৰ্তা ৪ মেঃ  অহা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক ভেকচিন প্ৰদান কৰা হব।

অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বয়সৰ কভিডৰ-১৯ টিকাকৰণ অভিযান প্ৰতীকীভাৱে আৰম্ভ কৰিব।

“আমি বুধবাৰে সাংবাদিকসকলৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বয়সৰ টিকাকৰণ প্ৰতীকীভাৱে আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো। এই অভিযান ৭ মে’ৰ পৰা পূৰ্ণ গতিত আৰম্ভ হ’ব,” ড০ শৰ্মাই কয়।

লগতে ড০ শৰ্মাই কয় যে অসমে ভাৰত বায়োটেকৰ পৰা ১.৫ লাখ ভেকচিন লাভ কৰিছে।

You might also like