নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসগৃহত দুর্ঘটনা : গুৰুতৰভাৱে আহত মমতা

বিশেষ বাৰ্তা, ১৫ মার্চ : গুৰুতৰভাৱে আহত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী৷ কপাল ফাটি তেজ ওলাই থকা চিকিৎসালয়ত ভর্তি মুখ্যমন্ত্রী তথা তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীৰ আলোকচিত্র ছ’চিয়েল মিডিয়া এক্সত আপলোড কৰি তৃণমূল কংগ্রেছে এই সংবাদ প্রেৰণ কৰি বেনার্জীৰ শীঘ্রে আৰোগ্যৰ প্রার্থনা কৰিবলৈ আহ্বান জনায়৷ টিএমচিৰ ৱেবছাইটত মুখ্যমন্ত্রী বেনার্জী গুৰুতৰভাৱে আহত হোৱাৰ সংবাদ প্রচাৰ হোৱাৰ পিছতে দেশৰ ৰাজনীতিকে শীঘ্রে আশু আৰোগ্য কামনা কৰি বার্তা প্রেৰণ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, মুখ্যমন্ত্রী বেনার্জীৰ বাসভৱনতে অঘটন ঘটিছে৷ প্রাৰম্ভিক তথ্যত প্রকাশ পোৱা মতে, বাসগৃহত থকা অৱস্থাত মুখ্যমন্ত্রী বেনার্জী বাগৰি পৰি কপালত গুৰুতৰভাৱে আঘাত পায়৷ পৰি থকা মুখ্যমন্ত্রীগৰাকীক প্রথমে বাসগৃহতে প্রাথমিক চিকিৎসা কৰে যদিও ততালিকে কলকাতাৰ এছ এছ কে এম হাস্পতাললৈ লৈ যোৱা হয়৷ টিএমচিৰ নেতা তথা মুখ্যমন্ত্রী বেনার্জীৰ ভতিজা অভিষেক বেনার্জীয়ে গুৰুতৰভাৱে আহত মুখ্যমন্ত্রীগৰাকীক চিকিৎসালয়লৈ লৈ যায়৷ চিকিৎসকে প্রকাশ কৰা মতে, মুখ্যমন্ত্রীগৰাকীৰ কপালত চিলাই দিয়া হৈছে৷ সম্প্রতি তেওঁৰ সংজ্ঞা আছে৷ কথাও পাতি আছে৷ মুখ্যমন্ত্রীগৰাকীক উডবার্ন ৱার্ডত ভর্তি কৰোৱা হৈছে৷ কপালত চিলাই কৰাৰ পিছত তেওঁৰ ৰক্তক্ষৰণ বন্ধ হৈছে৷ পৰৱর্তী সময়ত এমআৰআই, চিটি স্কেন কৰা হ’ব৷ চিকিৎসাৰ বাবে এখন ব’র্ডো গঠন কৰা হৈছে৷ চিকিৎসকসকলে মুখ্যমন্ত্রীগৰাকীক অহৰহ পর্যবেক্ষণ কৰি আছে৷ মন কৰিবলগীয়া যে টিএমচিয়ে প্রচাৰ কৰা গুৰুতৰভাৱে আহত মমতা বেনার্জীৰ আলোকচিত্রখনতো তেওঁৰ সংজ্ঞা নোহোৱা যেন দেখা গৈছে৷ এনে কাৰণতে চিকিৎসকে তেওঁৰ সংজ্ঞা থকা বুলি প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী বেনার্জী গুৰুতৰভাৱে আহত হোৱাৰ তথ্য প্রচাৰ হোৱাৰ পিছত পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ, প্রদেশ কংগ্রেছৰ সভাপতি অধিৰৰঞ্জন চৌধুৰীয়ে ছ’চিয়েল মিডিয়াত শীঘ্রে আৰোগ্য কামনা কৰিছে৷ সংবাদ মাধ্যমত চর্চিত মতে বাসগৃহত থকা সময়ত মমতা বেনার্জী কাৰ সৈতে আছিল, কেনেদৰে তেওঁ অঘটনৰ সন্মুখীন হ’ল সেই সন্দর্ভত অনেক সম্ভাৱনা চর্চিত হৈছে৷ কোনোবাই মুখ্যমন্ত্রীগৰাকীক ঠেলা মাৰি দিলে নে তেওঁ কাৰোবাৰ সৈতে খুন্দা খালে তাক লৈও মমতা বেনার্জীৰ ঘনিষ্ঠ মহলত চর্চা চলিছে৷

You might also like