নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত ছেমি কণ্ডাক্টৰ

অসমৰ ঔদ্যোগিক বিকাশৰ ইতিহাসত ১৩ মার্চৰ দিনটোক কেতিয়াও উপেক্ষা কৰিব পৰা নাযাব৷ ১৩ মার্চ মানে চলিত বর্ষৰ চলিত মাহটোৰ ১৩সংখ্যক দিনটো৷ এই দিনটোতে ৰাজ্যখনৰ মৰিগাঁও জিলাৰ জাগীৰোডত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্চুৱেলী ছেমি কণ্ডাক্টৰ উদ্যোগৰ শিলান্যাস কৰে৷ অনুষ্ঠানটো অসমৰ বাবে ঐতিহাসিক৷ ইয়াৰ কাৰণ কেইবাটাও৷ প্রথম কথাটো হৈছে উদ্যোগটো টাটা গ্রুপৰ দৰে ভাৰতীয় অথচ বিশ্বৰ অগ্রণী প্রতিষ্ঠান এটাই স্থাপন কৰিব৷ ইয়াৰ সৰল অর্থটো হৈছে ৰাজসাহায্যৰ ধনকেইটা সৰকোৱাৰ ফন্দি ইয়াৰ আঁৰত নাই৷ অসম তথা উত্তৰ–পূবত কেন্দ্রীয় চৰকাৰৰ ঔদ্যোগিক নীতিৰ হাতত ধৰি বহু প্রতিষ্ঠানে অনগ্রসৰ অঞ্চলটোত উদ্যোগ স্থাপনৰ ভেঁকো–ভাওনা পাতি মূৰকত ঔদ্যোগিক নীতিৰ জৰিয়তে লাভ কৰা বিভিন্ন সুবিধা তথা ৰাজসাহায্যৰ কোটি কোটি সৰকাই আঁতৰি যায়৷ অসমসহ উত্তৰ–পূবৰ জনসাধাৰণৰ আশা–আকাংক্ষা অপূর্ণ হৈ ৰয়৷ অর্থনীতিয়েও উত্তৰণৰ মুখ নেদেখে, কর্মসংস্থাপনৰো দুৱাৰ মুকলি নোহোৱাকৈ থাকে৷ টাটা গ্রুপৰ প্রতিষ্ঠা ইয়াৰ সম্পূর্ণ বিপৰীত৷ দেশখনৰ ঔদ্যোগিক বিকাশত টাটা গ্রুপৰ অৰিহণা প্রাতঃস্মৰণীয়৷ ১৩ মার্চৰ তাৎপর্যৰ এইটো তেনেই সাধাৰণ দিশ৷ ছেমিকণ্ডাক্টৰৰ দৰে উদ্যোগ এটা স্থাপনৰ বাবে চৰকাৰে প্রৱঞ্চক প্রতিষ্ঠান এটাক কেতিয়াও দায়িত্ব নিদিয়ে৷ প্রশ্ণটোত টাটা গ্রুপৰ বিশ্বস্তনীয়তা সন্দেহৰ হাজাৰ মাইল ঊর্ধ্বত৷ পূর্বৰ ইউপিএ চৰকাৰৰ কার্যকালত কোনো প্রৱঞ্চক প্রতিষ্ঠান অথবা লুণ্ঠনকাৰী পক্ষই তেনে দায়িত্ব লাভ কৰিলে আচৰিত হ’বলগীয়া নাথাকিলহেঁতেন৷ চৰকাৰখনৰ কার্যকাল দুটাত অগ্রাধিকাৰ বিষয়েই আছিল সুকীয়া৷ ২–জিৰ স্পেকট্ৰাম নিলাম, কয়লা খনন আদিত সংঘটিত কেলেংকাৰি ইয়াৰ উৎকৃষ্ট (?) উদাহৰণ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত এনডিএ চৰকাৰখনে একেৰাহে দ্বিতীয়টো কার্যকাল সম্পূর্ণ কৰাৰ শেষ বিন্দুটোত উপনীত হৈছে৷ কিছুদিন পাছতে সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব৷ এই দহ বছৰীয়া কার্যকালত চৰকাৰখনৰ তেনে কেলেংকাৰিৰ এটাও ঘটনা কোনেও উচ্চাৰণেই কৰিব নোৱাৰিলে৷ ইয়াৰ বিপৰীতে চৰকাৰখনৰ অগ্রাধিকাৰৰ বিষয় আছিল ভিন্ন৷ দেশখনক আর্থিকভাৱে শক্তিশালী কৰিবলৈ চৰকাৰখনে এই সময়ছোৱাত মিছন মুডত কাম কৰি গ’ল৷ প্রধানমন্ত্রী গতি শক্তি আঁচনিখন ইয়াৰ উৎকৃষ্ট নজিৰ৷ আন্তঃগাঁথনিৰ বিকাশ ঘটাই লজিষ্টিক ব্যয় হ্রাস কৰি চৰকাৰখনে দেশখনক চীনৰ দৰে কাৰখানা উদ্যোগৰ অগ্রণী ৰাষ্ট্রৰ সৈতে প্রতিযোগিতাত যোগ্য কৰি তুলিবলৈ প্রয়াস কৰিলে৷
১৩ মার্চৰ দিনটোৰ তাৎপর্য আন এটা দিশৰ পৰা বিচাৰ কৰি চাব পাৰি৷ ছেমি কণ্ডাক্টৰ উদ্যোগটোত ধনৰ বিনিয়োগৰ পৰিমাণটো৷ অসমৰ ঔদ্যোগিক ইতিহাসত এটা উদ্যোগত ইমান পৰিমাণৰ ধন বিনিয়োগৰ নজিৰ নাই৷ উদ্যোগটোত বিনিয়োগ হ’ব ২৭ হাজাৰ কোটি টকা৷ ধনৰ পৰিমাণটোৱেই কয় ই এটা নতুন ইতিহাসেই নহয়, নতুন যুগৰ সূচনা কৰিব৷ ধনৰ পৰিমাণটোৱে লগতে আন এটা কথা কৈছে৷ ই অসমত প্রত্যক্ষ আৰু পৰোক্ষভাৱে বুজনসংখ্যক কর্মসংস্থাপনৰ সুবিধা দিব৷ অকল সেয়াই নহয়, ছেমিকণ্ডাক্টৰ দৰে উদ্যোগৰ আজিৰ তাৰিখত গুৰুত্বয়েই সুকীয়া৷ ইয়াৰ বাবে দক্ষ লোকৰ অতীব প্রয়োজন৷ অসমত দক্ষতা বিকাশৰ বাবে ন ন প্রতিষ্ঠানৰ আৱশ্যক হ’ব৷ ন ন শৈক্ষিক অনুষ্ঠানৰ প্রয়োজন হৈ উঠিব৷ সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হৈছে বিশ্ব অর্থনীতিত ছেমি কণ্ডাক্টৰৰ স্থান৷ আজিৰ তাৰিখত যিখন দেশ ছেমি কণ্ডাক্টৰ উৎপাদনত আগত থাকিব, সেইখন দেশ ঔদ্যোগিক বিকাশ তথা আর্থিক বিকাশত আগত থাকিব৷ এক কথাত ক’বলৈ গ’লে একবিংশ শতিকাৰ বিশ্বখনক সিয়েই নেতৃত্ব দিব, যাৰ হাতত ছেমি কণ্ডাক্টৰ উদ্যোগ থাকিব৷ আজি বিশ্বত দৈনন্দিন ব্যৱহাৰৰ পৰা প্রতিৰক্ষা, মহাকাশ, যোগাযোগলৈকে এনে এটা ক্ষেত্র নাই য’ত ছেমি কণ্ডাক্টৰ ব্যৱহাৰ নহয়৷ আহি থকা দিনবোৰ কৃত্রিম বুদ্ধিমত্তাৰ বুলি ক’লেও বঢ়াই কোৱা নহয়৷ ইয়াৰ বাবেও ছেমি কণ্ডাক্টৰৰ ব্যৱহাৰ অপৰিহার্য৷ মুঠতে যেনিয়ে চকু দিয়া হয়, তেনিয়ে ছেমি কণ্ডাক্টৰৰ দপদপনি৷ এনে এটা ক্ষেত্র নাই, য’ত ছেমি কণ্ডাক্টৰ অপৰিহার্য নহয়৷ বিশ্বত ছেমি কণ্ডাক্টৰৰ ক্ষেত্রখনৰ মূল খেলুৱৈজন হৈছে চীন৷ ইয়াৰ উপৰি তালিকাখনত টাইৱান, দক্ষিণ কোৰিয়া আদি ৰাষ্ট্র আছে৷ ভাৰতবর্ষৰ প্রৱেশ অসম আৰু গুজৰাটৰ হাত ধৰি অতি শীঘ্রে ঘটিব৷ অসমো বিশ্বজোৰা ছেমি কণ্ডাক্টৰৰ বজাৰখনৰ অংশীদাৰ হ’ব৷ চীনৰ দৰে অসমতো বৈদ্যুতিন সামগ্রী উৎপাদন হ’ব৷ ১৩ মার্চৰ দিনটোৰ তাৎপর্য এইখিনিতে৷

 

You might also like