নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফস্পাৰ আংশিক প্ৰত্যাহাৰত সুখীনে, বহু কথা ক’লে ইৰম শৰ্মিলাই

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ নাগালেণ্ড, মণিপুৰ তথা অসমৰ একাংশ অঞ্চলৰ পৰা আফস্পা প্রত্যাহাৰৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে। আফস্পাৰ কথা উত্থাপন হ’লেই প্ৰথমেই মনলৈ আহে মণিপুৰৰ ইৰম শৰ্মিলাৰ নাম। প্রায় দুই দশক ধৰি আফস্পা প্রত্যাহাৰৰ দাবীত অনশন কৰিছে শর্মিলাই। বৃহস্পতিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই বার্তা দিয়াৰ পাছতো সুখী নহয় মণিপুৰৰ লৌহমানৱী ইৰম শর্মিলা চানু। বৰ্তমান তেওঁ বাংগালুৰুত স্থায়ীকৈ বাস কৰিছে। তেওঁৰ দাবী— আফস্পাৰ সম্পূর্ণ প্রত্যাহাৰ। আফস্পা প্রত্যাহাৰৰ সিদ্ধান্তক তেওঁ স্বাগত জনালেও সেই আইন সম্পূৰ্ণ প্রত্যাহাৰ নোহোৱালৈ স্বস্তি নাই। নৰেন্দ্র মোদী আৰু অমিত শ্বাহক দাবী জনাইছে যে— কাশ্মীৰ, অৰুণাচল, মণিপুৰসহ উত্তৰ-পূবৰ সকলো অঞ্চলৰ পৰা আফস্পা আঁতৰোৱা হওঁক। এই ঔপনিৱেশিক আইন প্রত্যাহাৰ সময়ৰ দাবী। শৰ্মিলাই লগতে কয় যে- গণতান্ত্রিক দেশৰ নাগৰিকৰ ওপৰত সশস্ত্র সেনাৰ ক্ষমতা প্রদর্শনৰ অধিকাৰ চলিব নোৱাৰে। উল্লেখণীয় যে, বিগত ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনাৰ গুলীত ছয় সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনাৰ পাছত দেশত আফস্পা প্রত্যাহাৰৰ দাবী আকৌ এবাৰ প্ৰবল হয়। শৰ্মিলাই কয় যে- প্রধানমন্ত্রী মোদীয়ে আফস্পা সম্পূৰ্ণ প্রত্যাহাৰ কৰিলে ন’বেল শান্তি পুৰস্কাৰৰ মনোনয়নত তেওঁৰ নাম অন্তৰ্ভূক্তিৰ আবেদন জনাব। অনশনৰ দিনৰ কথা সুঁৱৰি তেওঁ আক্ষেপ কৰি কয়- ২০০০চনৰ ৫ নৱেম্বৰ, মণিপুৰত যিদিনা প্রথম জনসমাগমত অনশনৰ কথা ঘোষণা কৰিছিলোঁ, মোক ঘেৰি প্রায় এশ মানুহ আছিল। পাছত এই অনশনক লৈ বিদ্রুপ, হাঁহি-ঠাট্টা-মস্কৰা হৈছে। পাছত যেতিয়া ভোটত হাৰিলোঁ, কোনো আচৰিত লগা নাছিল। জীৱনৰ ১৬ বছৰ যি অনশনত গ’ল, যিসকলৰ বাবে যুঁজ দিলোঁ, সেই মণিপুৰৰ সকলো মানুহ কেতিয়াও মোৰ কাষত নাছিল।

You might also like