নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ নৱেম্বৰৰ পিছত তেজস্বীৰ সন্মুখত মূৰ দোৱাব নীতিশে

চিৰাগ পাছোৱানৰ বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ জেডি(ইউ)ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ সৈতে বাক্যুদ্ধত লিপ্ত হৈ থকা এলজেপিৰ মুৰব্বী চিৰাগ পাছোৱানে মুখ্যমন্ত্রী গৰাকীক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ ক্ষমতাৰ লুভীয়া বুলি নীতিশ কুমাৰক আখ্যা দি এলজেপিৰ মুৰব্বী চিৰাগ পাছোৱানে কয় যে অহা ১০ নৱেম্বৰত বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে নীতিশ কুমাৰে দুহাত যোৰ কৰি তেজস্বী যাদৱৰ সন্মুখত মূৰ দোৱাব৷ উল্লেখ্য যে তেজস্বী যাদৱ হৈছে আৰজেডি নেতৃত্বাধীন বিৰোধী মহাজোঁট বন্ধনৰ মুখ্যমন্ত্রী পদৰ প্রার্থী৷ এনডিএৰ সহযোগী এলজেপিয়ে আদর্শগত দ্বন্দ্বৰ বাবেই বিজেপি আৰু নীতিশ কুমাৰৰ সৈতে সম্পর্ক ছেদ কৰাৰ প্রসংগ উল্লেখ কৰি চিৰাগ পাছোৱানে কয় যে যিগৰাকী প্রধানমন্ত্রীক সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সেই প্রধানমন্ত্রী গৰাকীৰ সৈতে আজি একেখন মঞ্চত বহিছে নীতিশ কুমাৰ৷

You might also like