নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ ক’ৰোনাকালত অনুষ্ঠিত দেশৰ প্রথমটো বিধানসভা নির্বাচন, বিহাৰৰ বিধানসভাৰ নির্বাচনৰ প্রচাৰৰ বৃহস্পতিবাৰে সামৰণি পৰে৷ তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া এই বিধানসভা নির্বাচনৰ ইতিমধ্যে দুটা পর্যায়ত ভোটগ্রহণ সুকলমে সামৰণি পৰে৷ তৃতীয় পর্যায় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ অহা ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব৷ তৃতীয় পর্যায়ত ১৬খন জিলাক সাঙুৰি ৭৮টা বিধানসভা সমষ্টিত ভোটগ্রহণ হ’ব৷ ২৪৩জনীয়া বিধানসভাৰ দুই–তৃতীয়াংশ আসনত ইতিমধ্যে ভোটগ্রহণ সমাপ্ত হোৱাৰ পিছত ৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৭৮ বিধানসভা সমষ্টিৰ ভোটগ্রহণ অতিকে তাৎপর্যপূর্ণ হৈ পৰিছে৷ বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থীৰ হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে প্রচাৰ চলোৱাৰ সমান্তৰালকৈ আৰজেডি নেতৃত্বাধীন মহাজোঁট বন্ধনৰ প্রার্থীৰ হৈ কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে নির্বাচনী প্রচাৰৰ সমাৱেশত অংশ লয়৷ জেডি(ইউ)ৰ মুৰব্বী তথা মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত এনডিএই নির্বাচনী যুঁজত অৱতীর্ণ হোৱাৰ বিপৰীতে আৰজেডিৰ নেতা তেজস্বী যাদৱৰ নেতৃত্বত মহাজোঁট বন্ধনে নির্বাচনত অৱতীর্ণ হৈছে৷ শাসকীয় জেডি(ইউ) নেতৃত্বাধীন বিহাৰ চৰকাৰখন প্রতিষ্ঠানবিৰোধী হোৱাৰ লগতে আৰজেডি নেতৃত্বাধীন মহাজোঁট বন্ধনৰ কঠিন প্রত্যাহ্বানৰ সন্মুখীন হৈছে বুলি ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা দুটা পর্যায়ৰ ভোটগ্রহণত স্পষ্ট হৈছে৷
Prev Post
You might also like