🔹 কেন্দ্র–এএছআইলৈ জাননী আদালতৰ
নিউজ ডেস্ক, ২৯ নৱেম্বৰ : তাজমহল, জ্ঞানবাপীৰ পিছত এইবাৰ হিন্দুত্ববাদীৰ নজৰত ৰাজস্থানৰ আজমেৰ শ্বৰীফৰ খাজা ময়নুদ্দিন চিস্তিৰ দৰগাহ! হিন্দু সেনা আৰু মহাৰাণা প্রতাপ সেনা নামৰ দুটা হিন্দু সংগঠনৰ দাবী যে আজমেৰ শ্বৰীফ দৰগাহটো আচলতে হিন্দু শিৱ মন্দিৰ ভাঙি নির্মাণ কৰা হৈছে৷ হিন্দুত্ববাদী সংগঠনবোৰৰ এই দাবীৰ পৰিপ্রেক্ষিতত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (এএছআই)ক জাননী প্রেৰণ কৰিছে আজমেৰৰ এখন স্থানীয় আদালতে৷ খাজা ময়নুদ্দিন চিস্তিৰ এই দৰগাহটো আকবৰৰ আমোলৰ পৰাই বিখ্যাত৷ প্রতি বছৰে দেশ–বিদেশৰ পৰা বহু ইছলামধর্মী মানুহ এই দৰগাহলৈ আহে৷ অন্য ধর্মৰ মানুহেও আজমেৰ শ্বৰীফ দর্শন কৰে৷ কিন্তু ২০২২ চনৰ পৰা এই দৰগাহটোক শিৱ মন্দিৰ বুলি দাবী কৰি আহিছে হিন্দুত্ববাদী সংগঠনসমূহে৷ মহাৰাণা প্রতাপ সেনা নামৰ এটা সংগঠনে দুবছৰ পূর্বেই আজমেৰ শ্বৰীফ দৰগাহক সমীক্ষাত এক মন্দিৰ বুলি দাবী জনাই ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট আৰু কেন্দ্রীয় চৰকাৰৰ ওচৰত বৈজ্ঞানিক পৰীক্ষাৰ বাবে আবেদন কৰিছিল৷ দৰগাহটোত স্বস্তিকা চিহ্ণ আছে বুলিও দাবী কৰিছিল সংগঠনটোৱে৷ মহাৰাণা প্রতাপ সেনাৰ দাবী অনুসৰি এই দৰগাহ প্রথমতে শিৱ মন্দিৰ আছিল, পৰৱর্তী সময়তহে ইয়াক দৰগাহত পৰিণত কৰা হয়৷ পৰহি ৰাজস্থানৰ এখন আদালতে হিন্দুত্ববাদী সংগঠনৰ আবেদন গ্রহণ কৰি কেন্দ্র আৰু এএছআইলৈ জাননী প্রেৰণ কৰিছে৷