নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ২৫ ‘শত্ৰু’ ৰাষ্ট্ৰক লৈ বিশ্বৰ সৰ্ববৃহৎ অনুশীলন কৰিব ওলাইছে আমেৰিকাই, ভাৰতেও প্ৰদৰ্শন কৰিব শক্তি

বিশেষ বাৰ্তা, ২ জুনঃ টাইৱানৰ পৰা লাডাখলৈকে চীনা অজগৰটোক আগুৰি ধৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে আমেৰিকাই। প্ৰশান্ত মহাসাগৰৰ দক্ষিণ চীন সাগৰৰ সমীপত বিশ্বৰ সৰ্ববৃহৎ নৌসেনাৰ অনুশীলন কোৱাড সদস্য দেশসমূহৰ সৈতে অনুষ্ঠিত কৰিবলৈ ওলাইছে। আমেৰিকাৰ নেতৃত্বত RIMPAC নামৰ এই অনুশীলনত বিশ্বৰ ২৫ খন দেশে অংশগ্ৰহণ কৰিব। চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এই অনুশীলন আৰু ভাৰতীয় নৌসেনাইও ইয়াত নিজৰ শক্তি প্ৰদৰ্শন কৰিব। এই অনুশীলনৰ বিশালতা এই কথাৰ পৰাই অনুমান কৰিব পাৰি যে ৩৮ খন যুদ্ধ জাহাজ, ৪ খন চাবমেৰিন আৰু ১৭০ খনতকৈও অধিক বিমানে অংশগ্ৰহণ কৰিব। আমেৰিকাৰ নৌসেনাই এক বিবৃতি প্ৰকাশ কৰি কয় যে অহা ২৯ জুনৰ পৰা ৪ আগষ্টলৈ ৰিম অৱ দ্য পেচিফিক বা ৰিমপেক নৌসেনাৰ অনুশীলন অনুষ্ঠিত হ’ব।

অনুশীলনত ৯খন দেশৰ স্থল বাহিনীকে ধৰি মুঠ ২৫,০০০ সৈন্যই অংশগ্ৰহণ কৰিব। এই অনুশীলন প্ৰথমবাৰৰ বাবে ১৯৭১ চনত কৰা হৈছিল। শেহতীয়া অনুশীলন দক্ষিণ কেলিফৰ্ণিয়া আৰু হাৱাই দ্বীপপুঞ্জৰ আশে-পাশে থকা সাগৰত কৰা হ’ব। কোৱাডৰ সদস্য দেশ হিচাপে ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়াইও এই অনুশীলনত অংশগ্ৰহণ কৰিব, যি কোৱাডক চীনে ‘এছিয়ান নাটো’ বুলি অভিহিত কৰিছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনা ড্ৰেগনৰ ক্ৰমাৎ বৃদ্ধি পোৱা তৎপৰতা ৰোধ কৰিবলৈ কোৱাড গঠন কৰা হৈছে। ছিংগাপুৰ, থাইলেণ্ড, ব্ৰুনাই আৰু ফিলিপাইনছেও এই নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰিব। বিশেষজ্ঞসকলৰ মতে, এই অনুশীলন এনে এটা সময়ত হ’বলৈ গৈ আছে যেতিয়া আমেৰিকাই চীনক ঘেৰিবলৈ নিজৰ মিত্ৰতা শক্তিশালী কৰাৰ কামত নিয়োজিত হৈছে। আমেৰিকা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াই নতুন সামৰিক চুক্তিত গুৰুত্ব আৰোপ কৰিছে যাতে চীনৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যায়।

You might also like