নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘ-ঘঁৰিয়ালৰ ভয় জয় কৰি প্ৰেমিকৰ সৈতে সপোনৰ সংসাৰ পাতিবলৈ নদী পাৰ হৈ ভাৰতলৈ আহিল যুৱতী, তাৰ পাছত

বিশেষ বাৰ্তা, ২ জুনঃ ফেচবুকত বন্ধুত্ব আৰু প্ৰেমৰ পিছত চৰ্চালৈ আহিছে এগৰাকী বাংলাদেশী ছোৱালীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বিয়া পতাৰ কাহিনী। কলকাতা আৰক্ষীয়ে জনোৱা মতে, ফেচবুকৰ বন্ধুৰ সৈতে প্ৰেম বিবাহ কৰিবলৈ ২২ বছৰীয়া বাংলাদেশী যুৱতীগৰাকীয়ে সুন্দৰবনৰ গভীৰ বনাঞ্চল আৰু সীমান্তত বৈ যোৱা নৈখন সাঁতুৰি ভাৰতত প্ৰৱেশ কৰিছিল। সীমান্তৰ ইপাৰে প্ৰেমিকে গাড়ী লৈ তেওঁৰ বাবে অপেক্ষা কৰি আছিল। পাছত কলকাতাৰ কালিঘাট মন্দিৰত দুয়োৱে বিয়া পাতিছিল। কিন্তু এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী যুৱতীজনীক গ্ৰেপ্তাৰ কৰিছে। কলকাতাৰ নৰেন্দ্ৰপুৰ অঞ্চলৰ অভিক মণ্ডলৰ সৈতে ফেচবুকত বন্ধুত্ব আৰু প্ৰেম হৈছিল বাংলাদেশৰ সাতখিৰা জিলাৰ বাসিন্দা কৃষ্ণাৰ। কেৱল প্ৰেমৰ বাবেই কৃষ্ণাই সুন্দৰবনৰ দুৰ্গম পথটো বাছি লৈছিল আৰু কেৱল দিশৰ ভিত্তিতে অৰণ্য পাৰ হৈছিল। তাৰ পিছত এঘণ্টাৰো অধিক সময় নদীত সাঁতুৰিছিল। এফালে অটব্য হাবিৰ বাঘৰ ভয়, ইপিনে নদীখনো ঘঁৰিয়ালৰে ভৰা, তাৰ পাছতো ৰৈ যোৱা নাছিল। সকলো বিপদ নেওচি কৃষ্ণাই ভাৰতত প্ৰৱেশ কৰিছিল। এতিয়া আৰক্ষীৰ জিম্মাত থকা যুৱতীজনীয়ে কয় যে তেওঁ ভাৰততে অভিকৰ লগত থাকিব বিচাৰে। একে সময়তে আৰক্ষীয়ে কয় যে তেওঁক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ’ব। ভাৰতলৈ আহিবলৈ হ’লে তেওঁ নিয়ম-নীতি অনুসৰি আহিব লাগিব৷

You might also like