নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্মেনিয়াৰ ভূখণ্ডত প্রৱেশ আজেৰবাইজানৰ সেনাৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ৰাছিয়াৰ মধ্যস্থতাত পূর্বৰ ছোভিয়েট সদস্য ৰাষ্ট্র আর্মেনিয়া আৰু আজেৰবাইজানৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত আজি প্রথমবাৰলৈ বিবদমান নাগ’র্নো–কাৰাবাখ সীমান্তৰ বাহিৰৰ আর্মেনিয়ান ভূখণ্ডত প্রৱেশ কৰিছে আজেৰবাইজানৰ সেনাই৷ যুদ্ধবিৰতি চুক্তি অনুসৰি আর্মেনিয়াই আজেৰবাইজানক এই গুৰুত্বপূর্ণ ভূখণ্ড এৰি দিবলৈ সন্মতি প্রকাশ কৰিছে৷

কালি আজেৰবাইজানৰ বাহিনীয়ে আঘডাম অঞ্চলত প্রৱেশ কৰে৷ যুদ্ধবিৰতি চুক্তি অনুসৰি আঘডাম অঞ্চল আজেৰবাইজানক এৰি দিবলৈ সন্মত হৈছিল আর্মেনিয়া৷ স্মর্তব্য যে বিবদমান নাগ’র্নো–কাৰাবাখ অঞ্চলক লৈ বিগত ছসপ্তাহ ধৰি চলা দুই প্রতিৱেশী ৰাষ্ট্রৰ যুদ্ধই সমগ্র ইউৰোপজুৰি সৃষ্টি কৰিছিল আশংকা৷

এই যুদ্ধই ইউৰোপত বাণিজ্যিক ক্ষেত্রত প্রতিকূল প্রভাৱ পেলাব পাৰে বুলি নিৰাপত্তা বিশেষজ্ঞসকলে আশংকা কৰিছিল৷ অৱশ্যে ৰাছিয়াৰ উদ্যোগত সাময়িকভাৱে যুদ্ধৰ অৱসান ঘটিছে৷

You might also like