নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীক গা মালিচ দিব লাগে মহিলাই, কোন থানাৰ ঘটনা

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ থানাত অভিযোগ জনাবলৈ গৈছিল এগৰাকী মহিলা। আৰক্ষী বিষয়াজনে তেওঁক গা মালিচ কৰিবলৈ দিলে। সেই মালিচৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। বিহাৰৰ সহর্ষ জিলাৰ নৌহাট্টা থানাৰ দাৰহাৰ আউট পোষ্টত মহিলাগৰাকীয়ে পুত্ৰৰ জামিন আবেদন বিচাৰি গৈছিল। তেতিয়া শশীভূষণ সিনহা নামৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে তেওঁক মালিচ কৰিবলৈ দিলে। ভিডিঅ’ ক্লিপত দেখা গৈছে মহিলাগৰাকীয়ে বিষয়াগৰাকীৰ উন্মুক্ত দেহত মালিচ কৰি দিছে আৰু তেওঁ ম’বাইলেৰে মহিলাগৰাকীৰ অভিযোগ সন্দৰ্ভত কাৰোবাৰ সৈতে কথা পাতিছে। ভিডিঅ’টি ভাইৰেল হোৱাৰ পাছত সেই বিষয়াজনক নিলম্বণ কৰিছে আৰক্ষী বিভাগে।

You might also like