নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছলামৰ ইতিহাসেই ৰক্তাক্ত, হিংসাত্মকঃ অষ্ট্ৰেলিয়াত বিজেপিৰ সাংসদ তেজস্বী সূৰ্য্যৰ ভিছা বাতিলৰ দাবীৰে স্বাক্ষৰ

বিশেষ বাৰ্তা, ৬ জুনঃ অষ্ট্ৰেলিয়া ভ্ৰমণত বিজেপিৰ সাংসদ তেজশ্বী সূৰ্যই বিৰোধৰ সন্মুখীন হৈছে। তেওঁ ভাৰতত মোগলৰ আক্ৰমণক ইতিহাসৰ আটাইতকৈ ৰক্তাক্ত শিক্ষা বুলি অভিহিত কৰে। ইয়াক ইহুদীসকলৰ ওপৰত হিটলাৰে কৰা অত্যাচাৰৰ সৈতে তুলনা কৰিছিল তেজস্বীয়ে। এই বক্তব্যৰ বাবে তেজস্বীয়ে আমেৰিকান বুৰঞ্জীবিদ উইল ডুৰাণ্টৰ গ্ৰন্থৰ উদ্ধৃতি দিছিল। সোমবাৰে পাৰমাটাত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া ইণ্ডিয়া ইউথ ডাইলগ (AIYD)ৰ কাৰ্যসূচীৰ সময়ত তেজস্বী সূৰ্যই কয় যে ইছলামৰ ইতিহাস ৰক্তপাত আৰু হিংসাত্মক কাৰ্যৰে ভৰা। ইয়াৰ উপৰিও তেওঁ হালাল খাদ্য নিষিদ্ধ কৰাৰ পদক্ষেপক সমৰ্থন জনাই কয় যে যিবোৰ দলে বিশেষভাৱে হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে সেইবোৰক ভোট দিব লাগে হিন্দু সম্প্ৰদায়ে। পাৰামাটাৰ ছুইনবাৰ্ণ টেকন’লজিকেল ইউনিভাৰ্চিটিৰ ইচিএ কলেজত অনুষ্ঠিত হৈছিল এক অনুষ্ঠান। কিন্তু তেওঁৰ অনুষ্ঠানৰ পূৰ্বেও ছুইনবাৰ্ণ ইছলামিক ছ’চাইটিয়ে এই কাৰ্যসূচীৰ বিৰোধিতা কৰিছিল। অষ্ট্ৰেলিয়া ইণ্ডিয়া ইউথ ডাইলগে কয় যে তেওঁলোকে কোনো প্ৰতিনিধিৰ মতামত সমৰ্থন নকৰে। তেজস্বী সূৰ্য্যৰ এই মতামতৰ খবৰ পোৱাৰ লগে লগে অষ্ট্ৰেলিয়াত মুছলমান ছাত্ৰ-ছাত্ৰী, সংগঠন আৰু ধৰ্মীয় সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে। ৫৬০০ৰো অধিক লোকে বিজেপিৰ সাংসদজনৰ ভিছা বাতিল কৰিবলৈ আবেদন পত্ৰত স্বাক্ষৰ কৰিছে।

You might also like