নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কুসংস্কাৰ-ঘৃণামূলক মন্তব্যৰ বাবে ভাৰতে কিয় ক্ষমা বিচাৰিব, বিদেশ ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়াৰ পাছত কেন্দ্ৰক কটাক্ষ

বিশেষ বাৰ্তা, ৬ জুনঃ হজৰত মহম্মদক লৈ বিজেপিৰ দুজন নেতাই কৰা মন্তব্যক লৈ ইছলামিক ৰাষ্ট্ৰৰ চৰকাৰসমূহে সৰৱ হৈছে। কাটাৰ, কুৱেইট, ইৰাণ, ছৌদি আৰবকে ধৰি গাল্ফ ৰাষ্ট্ৰসমূহত কর্মৰত ভাৰতীয় ৰাষ্ট্রদূতসকলক মাতি মহম্মদ সম্পর্কে কৰা মন্তব্যৰ তীব্র নিন্দা কৰিছে। কাটাৰে দাবী কৰিছে ভাৰত চৰকাৰে এই বিষয়টিত প্রকাশ্যে ক্ষমা বিচাৰিব লাগিব। দেওবাৰে বিজেপিয়ে দলৰ প্রাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে নূপুৰ শর্মা আৰু নবীন জিন্দালক৷ তাৰ আগেয়ে বিজেপিৰ কেন্দ্রীয় নেতৃত্বই এক বিবৃতিত জনায় যে কোনো ধর্মৰ প্রতি অবমাননা দলটোৱে সমর্থন নকৰে আৰু যিয়ে এইধৰণৰ কাম কৰে দলে তেওঁলোকক কাষত নাৰাখে। কিন্তু দেখা গৈছে ইছলামিক বিশ্বই ইয়াতেই সম্পূৰ্ণ সন্তুষ্ট নহয়। তেওঁলোকে দাবী তুলিছে, কেৱল বিজেপিয়ে নহয়, ভাৰত চৰকাৰেই এই বিষয়টোত প্রকাশ্যে ক্ষমা বিচাৰিব লাগিব। স্বাভাৱিকতে এই ঘটনাক লৈ এতিয়া কেন্দ্রীয় চৰকাৰ তথা বিজেপিৰ কেন্দ্রীয় নেতৃত্বই যথেষ্ট অস্বস্তিত পৰিছে।উপসাগৰীয় দেশসমূহৰ পৰা হোৱা প্ৰতিক্ৰিয়াক লৈ কেন্দ্ৰক লক্ষ্য কৰিছে তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাওৱে। কেটিআৰ নামেৰে জনপ্ৰিয় ৰাওৱে প্ৰশ্ন উত্থাপন কৰিছে যে দেশ হিচাপে ভাৰতে কিয় “বিজেপিৰ কুসংস্কাৰৰ ঘৃণামূলক মন্তব্য”ৰ বাবে ক্ষমা খুজিব লাগে। প্ৰধানমন্ত্ৰীক সম্বোধন কৰি ৰাওৱে কয় যে দিনে দিনে ঘৃণা বিয়পোৱাৰ বাবে বিজেপিয়ে প্ৰথমে ভাৰতীয়সকলৰ ওচৰত ক্ষমা খুজিব লাগে।

You might also like