নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি ব্যৱহাৰ কৰা মাস্কেৰেই তৈয়াৰ হৈছে মেট্রেছ!

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ খবৰটোৱে আপোনাক আতংকিত কৰি তুলিব পাৰে। কিয়নো মেট্রেছ বা গাদী তৈয়াৰ কৰোতে তুলা ব্যৱহাৰ নকৰি ভৰাই দিয়া হৈছে ব্যৱহৃত মাস্ক! এনে এটি কাৰখানাৰ সন্ধান পোৱা গৈছে মহাৰাষ্ট্রৰ জলগাঁও জিলাত। সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ।

মুম্বাইৰ পৰা ৪০০ কিলোমিটাৰ দূৰত জলগাঁও চহৰৰ এটি মেট্রেছ চেন্টাৰত গোপনে চলিছে বেআইনী কাৰ্য। গোপন সূত্রৰ পম খেদি সেই স্থানত উপস্থিত হয়গৈ আৰক্ষীৰ এটা দল। আৰু তাৰপাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা।

উল্লেখ্য যে কাৰখানাটোত দেখা যায়, খৰচ কম কৰাৰ বাবে কপাহ বা নাৰিকল আঁহৰ দৰে বস্তু ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, মেট্ৰেছত ক’ৰোনাৰ পৰা বাচিবলৈ মানুহে ব্যৱহাৰ কৰা মাস্কৰে তৈয়াৰ কৰা হৈছে। হাজাৰ হাজাৰ মাস্কৰে তৈয়াৰ কৰা হৈছে তুলি।

আৰক্ষীয়ে আনকি কাৰখানাৰ পৰা অসংখ্য ব্যৱহৃত মাস্ক উদ্ধাৰ কৰিছে। ইতিমধ্যে কাৰখানাৰ মালিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে।

You might also like