নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ধনেৰে শক্তি বৃদ্ধি হ’ব তালিবানৰ

প্রত্যাহ্বান অবিহনে লাভ কৰিছে আফগান সেনাক যোগান ধৰা অস্ত্র, গোলা–বাৰুদ

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ আফগানিস্তানত তালিবানে পুনৰ ক্ষমতা দখল কৰাৰ পিছত আমেৰিকাৰ ইতিহাসত দীঘলীয়া যুদ্ধত দেশখনৰ শক্তিশালী বাহিনীৰ চৰম পৰাজয় হিচাপে চিহ্ণিত হৈছে৷ অকল সেয়াই নহয় আমেৰিকাই আফগানিস্তানক পুনৰ নির্মাণৰ বাবে ১৪,৫০০ কোটি ডলাৰ ধন খৰচ কৰিছে৷ সেইদৰে সেনা তথা আৰক্ষীৰ আধুনিকীকৰণ আৰু প্রশিক্ষণৰ নামত খৰচ কৰা হৈছে ৮,৩০০ কোটি ডলাৰ৷ লক্ষণীয়ভাৱে আফগান সেনাক অত্যাধুনিক সমৰাস্ত্র আমেৰিকাই প্রদান কৰিছিল যদিও এই অস্ত্রবোৰৰ বিভিন্ন ঠাইত ব্যৱহাৰেই নহ’ল৷ আনকি তালিবানে কাবুল দখলৰ সময়ত আফগান সেনাই গুলী ফুটাবলৈও সক্ষম নহ’ল৷ লগে লগে এই অস্ত্র তথা গোলা–বাৰুদ তালিবানৰ হাতলৈ গৈছে৷

অর্থাৎ আমেৰিকাৰ ধনেৰে এতিয়া তালিবানে অধিক শক্তি লাভ কৰিবলৈ সক্ষম হ’ব৷ অকল ৰাজনৈতিক ক্ষমতা দখল কৰাই নহয়, আমেৰিকাই যোগান ধৰা বন্দুক–বাৰুদ, হেলিকপ্টাৰ, টেংক আদি সকলোবোৰ সহযোগেই লাভ কৰিবলৈ সক্ষম হ’ল তালিবান৷ প্রতিখন প্রদেশতে এতিয়া সেনাই এৰি যোৱা অস্ত্রভাণ্ডাৰৰ গৰাকী হৈ পৰিছে তালিবান৷ গতিকে আমেৰিকাৰ ধনৰ পৰা আফগানিস্তানৰ জনতা উপকৃত নহ’লেও তালিবান যে উপকৃত হ’ব সেয়া নিশ্চিত৷ ইফালে, বিভিন্ন সময়ত তালিবানেও আমেৰিকাৰ পৰা গোপনে অস্ত্র লাভ কৰিবলৈ সক্ষম হোৱা বিষয়টো পুনৰ চর্চালৈ আহিছে৷ নিৰাপত্তা বিশেষজ্ঞসকলে তালিবানক আফগানিস্তানত সকলো এৰি দি অধিক সমৃদ্ধ কৰা বুলি আমেৰিকাক কঠোৰ সমালোচনা কৰিছে৷

You might also like