নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেংকাৰৰ পৰা ৰাসায়নিক দ্ৰৱ্য নিৰ্গত হৈ দুর্ঘটনা, ৬জনৰ মৃত্যু

টেংকাৰৰ পৰা ৰাসায়নিক দ্ৰৱ্য নিৰ্গত হৈ সংঘটিত কৰুণ দুর্ঘটনাত ৬জন শ্ৰমিকৰ মৃত্যু হৈছে গুজৰাটত। আহত হৈছে কমেও ২০ জন লোক। বৃহস্পতিবাৰে হোৱা এই দুর্ঘটনাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। আৰক্ষী সূত্রই সদৰি কৰা অনুসৰি, গুজৰাট ঔদ্যোগিক উন্নয়ণ নিগমৰ অন্তৰ্গত এলেকাত এই দুর্ঘটনা ঘটিছে। বাতৰি লিখা পৰলৈ মৃতকৰ পৰিচয় জনাৰ চেষ্টা কৰি আছে আৰক্ষীয়ে। চুৰাটৰ শাড়ী কাৰখানাৰ শ্ৰমিক বুলি বহুতে সন্দেহ কৰিছে।

You might also like