নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ১১ প্রদেশত জাৰি ক’ভিড প্রতিৰোধী কঠোৰ লকডাউন

নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰঃ ক’ভিড–১৯ মহামাৰী পুনৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে চীনে কঠোৰ প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰিছে৷ দেশখনৰ ১১খনকৈ প্রদেশত বিগত এটা সপ্তাহত শতাধিক লোক ক’ভিডত আক্রান্ত হৈছে৷ লগে লগে এই প্রদেশবোৰত কঠোৰ লকডাউন জাৰি কৰিছে চৰকাৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগ (এনএইচচি)ৰ মুখপাত্র মি ফেঙে উল্লেখ কৰা অনুসৰি বিগত ১৭ অক্টোবৰৰ পৰা চীনত ক’ভিডৰ নতুন সংক্রমণ আৰম্ভ হৈছে৷

এই সংক্রমণৰ ফলত কেইবাখনো প্রদেশত সৃষ্টি হৈছে আতংক৷ লক্ষণীয়ভাৱে কালিৰ দিনটোত দেশখনত মুঠ ৩৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ইনাৰ মংগোলীয়া অঞ্চলৰ ইজিন কাউণ্টীৰ পৰা কেইবাজনো লোক ক’ভিডত সংক্রমিত হোৱা বুলি ধাৰণা কৰিছে প্রশাসনে৷ গতিকে এই অঞ্চলটোৰ ৩৫,৭০০ লোকক গৃহবন্দী কৰিছে প্রশাসনে৷ এই লোকসকলক ঘৰৰ বাহিৰলৈ ওলালেই কঠোৰ শাস্তি প্রদান কৰা হ’ব বুলি স্পষ্ট কৰি দিছে চৰকাৰে৷ এই মুহূর্তত ইজিন হৈ পৰিছে হটস্পট৷ গতিকে চীনে কোনো কাৰণতে ইজিনৰ পৰা পূর্বৰ য়ুহানৰ দৰে সংক্রমণ ঘটিবলৈ দিব নোৱাৰে৷ সেইবাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ অৱশ্যে স্বাস্থ্য আয়োগৰ তৰফৰ পৰা ইজিনবাসীক এই সাময়িক নির্দেশনা মানি চলিবলৈহে আহ্বান জনোৱা বুলি সংবাদ মাধ্যমক জনোৱা হৈছে৷

You might also like