নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চর্দিত ঔষধ কমকৈ খাব

বর্তমান আহিন মাহত বতৰৰ যথেষ্ট পৰিৱর্তন হৈছে৷ দিনত গৰম কিন্তু ৰাতি গৰম কমি যায়৷ তেনে অৱস্থাত মানুহৰ চর্দি বেছিকৈ লাগে৷

চর্দি এটা ভাইৰাছজনিত ৰোগ৷ অৱশ্যে কেতিয়াবা এলার্জীৰ বাবেও চর্দি হ’ব পাৰে৷ সাধাৰণতে চর্দিৰ লক্ষণসমূহৰ বিষয়ে আমি জ্ঞাত৷ চর্দি ডাঙৰ ৰোগ নহ’লেও ৰোগীয়ে বৰ অস্বস্তি অনুভৱ কৰে৷ সেয়ে এই ৰোগত আক্রান্ত হ’লে সোনকালেই দৰবৰ প্রয়োজন আহি পৰে৷ কিন্তু চর্দি স্বনিয়ন্ত্রিত ৰোগ৷ সামান্য ধৈর্য ধৰিলেই ৰোগী নিজে নিজেই আৰোগ্য হয়৷

বজাৰত চর্দিৰ ঔষধ সহজলভ্য বাবেই ৰোগীসকলে এই অস্বস্তিৰ পৰা পৰিত্রাণ বিচাৰি ঔষধৰ আশ্রয় লয়৷ মূৰ বিষৰ বাবে ৰোগীয়ে বিভিন্ন ধৰণৰ মালিচ কৰিব পৰা মলম কিনে৷ প্রকৃততে মালিচ কৰিলে সেই নির্দিষ্ট ঠাইৰ ৰক্ত সঞ্চাৰণ আৰু তাপ বৃদ্ধি হয় বাবে বিষ তুলনামূলকভাৱে কমে৷ তেনে কৰিবলৈ কোনো মলমৰ প্রয়োজন নাই৷ গৰম পানীৰ ভাপ শুঙিলেও চর্দিৰ পৰা কিছু আৰাম পোৱা যায়৷ পৰাপক্ষত চর্দিত ঔষধ ব্যৱহাৰ কৰিব নালাগে৷ অৱশ্যে দীঘলীয়া হ’লে চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷

You might also like