নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঃখবৰ, জলবায়ু সংকটে বিশ্বত গৃহহীন কৰিব ১২০ কোটি লোকক

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ গোলকীয় উষ্ণতাৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব মানৱ সমাজ৷ বিশ্ব জলবায়ু সংকটে আগন্তুক ৩০ বছৰৰ ভিতৰত ১২০ কোটি লোকক গৃহহীন কৰিব পাৰে৷ এই লোকসকলে গোলকীয় উষ্ণতাই কঢ়িয়াই অনা ভয়াৱহ জলবায়ু সংকটৰ বাবেই অন্য দেশলৈ গতি কৰিব পাৰে৷ পৰিণতিত অভাৱনীয় শৰণার্থী সংকটে সৃষ্টি কৰিব পাৰে বৃহৎ সশস্ত্র সংঘাত৷

শেহতীয়াকৈ ইন্ষ্টিটিউট ফৰ ইক’নমিক্ছ এণ্ড পীচ (আইপি) নামৰ সংস্থাটোৱে চলোৱা এটা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ সংস্থাটোৰ মতে, বিশ্বৰ ১৯খন দেশ ভয়াৱহ গোলকীয় জলবায়ু সংকটৰ সন্মুখীন হ’ব৷ এই দেশসমূহত অভাৱনীয় উষ্ণতা বৃদ্ধিৰ বাবেই তীব্র নাটনি ঘটিব খোৱাপানী তথা খাদ্যৰ৷

গোলকীয় উষ্ণতাই প্রাকৃতিক বিপর্যয় হিচাপে দেখা দিব এই দেশবোৰত৷ এই দেশবোৰৰ ভিতৰত আছে ছিৰিয়া, ইৰাক, ভাৰত, চাড আৰু পাকিস্তানো৷ লক্ষণীয়ভাৱে পাৰিপার্শ্বিক ক্ষেত্রলৈ নজিৰবিহীন বিপর্যয় এই দেশসমূহলৈ নামি আহিব পাৰে বুলি সতর্কবাণী কৰিছে সংস্থাটোৱে৷ শেহতীয়াকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বিশ্বৰ বহু দেশত অনাবৃষ্টি বা অভাৱনীয় বৃষ্টিপাতৰ সৃষ্টি হৈছে৷ আগন্তুক ৩০ বছৰত এই পৰিস্থিতি অধিক ভয়াৱহ হ’ব৷

You might also like