নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলক লৈ আশংকা আছিল বালাচাহেব থাকৰেৰঃ কংগনা ৰানাৱট

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ শিৱসেনাৰ প্রাক্তন মুৰব্বী বালাচাহেব থাকৰেই দলটো এদিন কংগ্রেছত পৰিণত হ’ব বুলি আশংকা কৰিছিল৷ শেহতীয়াকৈ অভিনেত্রী কংগনা ৰানাৱটে এই মন্তব্য কৰিছে৷ বালাচাহেব থাকৰেৰ এক পুৰণি সাক্ষাৎকাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া টুইটাৰযোগে মুকলি কৰি দি কংগনাই আক্ষেপ প্রকাশ কৰিছে যে প্রয়াত নেতাগৰাকী আজি থকা হ’লে দলটোৰ কার্যক লৈ ব্যথিত হ’লহেঁতেন৷

স্মর্তব্য যে সাক্ষাৎকাৰটোত থাকৰেই কেতিয়াও নির্বাচন বা দলৰ অভ্যন্তৰত মতানৈক্য বিচৰা নাছিল বুলি স্পষ্ট কৰি দিছিল৷ সাক্ষাৎকাৰটোৰ কিয়দংশ মুকলি কৰি দি কংগনাই উল্লেখ কৰিছে যে থাকৰেৰ ডাঙৰ ভয় আছিল যে এদিন শিৱসেনা কংগ্রেছত পৰিণত হ’ব পাৰে৷

লক্ষণীয়ভাৱে কংগনা ৰানাৱটে নিজৰ প্রিয় নেতাসকলৰ ভিতৰত বালাচাহেব থাকৰেও অন্যতম বুলি অভিহিত কৰিছে৷ সাক্ষাৎকাৰটোত থাকৰেই এসময়ত শিৱসেনাই জোঁটবন্ধনৰ জৰিয়তে কংগ্রেছৰ মিত্র হৈ পৰিব পাৰে বুলি আশংকা কৰিছিল৷

You might also like