নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ বাবেই বিহাৰত মহাজোঁটৰ বিপর্যয়

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বিহাৰ বিধানসভা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভেৰে নীতিশ কুমাৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে কালি শপত গ্রহণ কৰাৰ সময়তে মহাজোঁটত কংগ্রেছ আৰু আৰ জে ডিৰ মাজত সংঘাত স্পষ্ট হৈ পৰিছে৷ জ্যেষ্ঠ আৰ জে ডি নেতা শিৱানন্দ তিৱাৰীয়ে বিহাৰত মহাজোঁটৰ পৰাজয়ৰ বাবে কংগ্রেছ জগৰীয়া বুলি ঘোষণা কৰিছে৷

মহাজোঁটত থাকিও কংগ্রেছৰ দুর্বল ভূমিকা আছিল বুলি অভিযোগ কৰিছে নেতাগৰাকীয়ে৷ অৱশ্যে আৰ জে ডি নেতৃত্বই নির্বাচনত প্রৱঞ্চনাৰে এন ডি এই জয়লাভ কৰা বুলি অভিযোগ কৰি আহিছে৷ কংগ্রেছ নেতা ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রাৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰি শিৱানন্দ তিৱাৰীয়ে উল্লেখ কৰিছে যে ৭০খন আসনত দলটোৱে প্রতিদ্বন্দ্বিতা কৰি ৭০টা প্রচাৰ সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিলে৷

লক্ষণীয়ভাৱে বিভিন্ন দলৰ সন্মুখত গুৰুত্বপূর্ণ নির্বাচন আছিল বিহাৰ বিধানসভা নির্বাচন৷ কিন্তু ৰাজ্যখনত ৰাহুল গান্ধীয়ে মাত্র তিনি দিনহে প্রচাৰ চলাইছিল৷ প্রিয়ংকা গান্ধী ভদ্রাই এদিনো বিহাৰত উপস্থিত নহ’ল প্রচাৰ চলাবলৈ৷ নেতাগৰাকীয়ে বিহাৰত তীব্র প্রচাৰ চলি থকাৰ সময়ত ভগ্ণী প্রিয়ংকাৰ ছিমলাস্থিত বাসভৱনত পিকনিক পালন কৰি আছিল বুলিও অভিযোগ কৰি তিৱাৰীয়ে৷

তিৱাৰীৰ এই অভিযোগৰ পিছতেই আৰ জে ডি আৰু কংগ্রেছৰ মাজত মতানৈক্য তীব্রতৰ হোৱাৰ আশংকাই দেখা দিছে৷ স্মর্তব্য যে ৭০খন আসনত প্রতিদ্বন্দ্বিতা কৰি কংগ্রেছে মাত্র ১৯খন আসনহে লাভ কৰিছে ৰাজ্যখনত৷ ইয়াৰ বিপৰীতে আৰ জে ডিয়ে একক বৃহত্তম দল হিচাপে ৪৫খন আসনত বিজয় সাব্যস্ত কৰিছে৷ লক্ষণীয়ভাৱে বাঁও দলসমূহে ২৯খন আসনত প্রতিদ্বন্দ্বিতা কৰি ১৭খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷

You might also like