নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দর্শনার্থীৰ বাবে পুনৰ মুকলি সবৰীমালা মন্দিৰৰ দুৱাৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: ক’ভিড–১৯ মহামাৰীৰ বাবে বন্ধ হৈ থকা কেৰালাৰ সবৰীমালা মন্দিৰ  দর্শনার্থীৰ বাবে পুনৰ মুকলি কৰা হৈছে৷ লক্ষণীয়ভাৱে মন্দিৰটোত ২৬ ডিচেম্বৰত মণ্ডলা পূজা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ইয়াৰ ন্যাসে৷  মন্দিৰটোৰ মূল মণিকূটৰ দুৱাৰ মুকলি কৰিছে প্রধান পূজাৰী এ কে সুধীৰ নামবুথিৰিয়ে৷ মুখ্য পুৰোহিত তান্ত্রি কান্দাৰাৰু ৰাজীভাৰুৰ উপস্থিতিত আজি মন্দিৰত বন্তি প্রজ্বলন কৰে নামবুথিৰিয়ে৷

ইফালে নৱ–নির্বাচিত সবৰীমালাৰ মূল পুৰোহিত ভি কে জয়াৰাজ সত্তী আৰু মল্লিকাপুৰমৰ পুৰোহিত এম এন ৰেজিকুমাৰ বিদায়ী দুয়োগৰাকী পূজাৰীৰ পিছতেই দায়িত্ব ল’বলৈ আমন্ত্রণ জনোৱা হৈছে৷ দুয়োগৰাকী নৱনির্বাচিত পুৰোহিতে দায়িত্ব গ্রহণৰ পূর্বে সবৰীমালাৰ ১৮টা চিৰিত আনুষ্ঠানিকভাৱে বগাব লাগিব৷

স্মর্তব্য যে মন্দিৰ কর্তৃপক্ষই প্রতিদিনে দর্শনার্থীৰ সংখ্যা এহাজাৰলৈ হ্রাস কৰিছে৷ অৱশ্যে মূল পূজা আৰম্ভ হোৱাৰ সময়ত অর্থাৎ ডিচেম্বৰ মাহৰ পৰা সবৰীমালাত ৫ হাজাৰকৈ দর্শনার্থীক উপস্থিত হোৱাৰ অনুমতি প্রদান কৰিব ট্রাভানকোৰ দেৱশ্বম ব’র্ডে৷

You might also like