নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ কংগ্রেছ নেতা জিতিন প্রসাদাৰ বিজেপিত যোগ

নিয়মীয়া বাৰ্তা ১০ জুনঃ উত্তৰ প্রদেশত কংগ্রেছ দুর্গত মোক্ষম আঘাত হানি বিজেপিত যোগদান কৰিছে জ্যেষ্ঠ নেতা তথা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ জিতিন প্রসাদাই৷ বিজেপিৰ দুর্গত জিতিনৰ প্রৱেশ ৰাজ্যখনত কংগ্রেছৰ বাবে বৃহৎ ক্ষতি হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেল আৰু গেৰুৱা দলটোৰ অন্য জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আজি প্রসাদাই নতুন দিল্লীস্থিত মুখ্য কার্যালয়ত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিছত কংগ্রেছ দুর্গ ত্যাগ কৰি বিজেপিত চামিল হোৱা জ্যেষ্ঠ নেতা হৈছে জিতিন প্রসাদা৷ উল্লেখনীয় যে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ নেতা আছিল প্রসাদা৷ ২০১৯ চনৰ লোকসভা নির্বাচনৰ পিছতেই প্রসাদাই বিজেপিত যোগদান কৰিব বুলি সংবাদ প্রকাশ পাইছিল৷

You might also like