নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বিলিয়নেয়াৰ ধনকুবেৰ বেজ’ছ–মাস্কে আদায় নিদিয়ে আয়কৰ

নিয়মীয়া বাৰ্তা ১০ জুনঃ বিশ্বৰ আটাইতকৈ সমৃদ্ধিশালী ব্যক্তিসকলে আয়কৰ আদায় দিবলৈ অস্বীকাৰ কৰি আহিছে৷ আমেৰিকাত ধন কুবেৰসকলৰ কৰ আদায়ৰ বিষয়টো বিশ্লেষণ কৰে প্রোপাব্লিকা নামৰ ৱেবছাইটটোৱে৷ ৱেবছাইটটোৰ তথ্য অনুসৰি বিশ্বৰ আটাইতকৈ আঢ়্যৱন্ত বিলিয়নেয়াৰ জেফ বেজ’ছ, এলেন মাস্ক আৰু ৱাৰেন বাফেটে আয়কৰ আদায় দিয়াৰ ক্ষেত্রত গাফিলতি কৰি আহিছে৷ ৱেবছাইটটোৰ তথ্য অনুসৰি আমাজ’নৰ মুৰব্বী বেজ’ছে ২০০৭ আৰু ২০১১ চনত আয়কৰ হিচাপে ফুটাকড়িও আদায় দিয়া নাছিল৷ সেইদৰে ২০১৮ চনত এলন মাস্কে আদায় দিয়া নাছিল আয়কৰ৷ এই তথ্য প্রকাশ পোৱাৰ পিছতে আমেৰিকাজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ৷ লগে লগে হোৱাইট হাউছৰ মুখপাত্র এগৰাকীয়ে এই তথ্য ফাদিলক অবৈধ আখ্যা দি এফ বি আই আৰু কৰ কর্তৃপক্ষক চৰকাৰে তদন্তৰ দায়িত্ব প্রদান কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

You might also like