নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীয়ে টিকট পালে মাকে নাপাব! ঐতিহাসিক সিদ্ধান্তৰ দিশে কংগ্ৰেছ

বিশেষ বাৰ্তা, ১১ মেঃ ধৰা হওক ২০২৪-ৰ লোকসভা নিৰ্বাচন। কংগ্রেছে এখনৰ পাছত আনখন প্রার্থী তালিকা ঘোষণা কৰিছে। দেখা গ’ল ৰায়বেৰেলীত নাই ছোনিয়া গান্ধী। প্রিয়ংকা গান্ধী ভদ্ৰাকো টিকট দিয়া হোৱা নাই। গান্ধী পৰিয়ালৰ একমাত্র ৰাহুল গান্ধীয়ে প্রার্থী। কেনে হ’ব? এনেধৰণৰে ঐতিহাসিক সিদ্ধান্তৰ পথত আগুৱাবলৈ ওলাইছে কংগ্রেছ। সূত্রৰ খবৰ অনুসৰি, সোমবাৰে দিল্লীত কংগ্রেছ ৱর্কিং কমিটিৰ বৈঠকত এই বিষয়ত নীতিগত সিদ্ধান্ত লোৱা হৈছে। অহা শুকুৰবাৰৰ পৰা ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হ’বলগীয়া কংগ্রেছৰ চিন্তন শিবিৰত সেয়া আগবঢ়োৱা হ’ব। তাত কি আলোচনা হৈছে সেয়া চাই এক পৰিয়াল-এক টিকট নীতিত অহা দেওবাৰে ৱর্কিং কমিটীৰ বৈঠকত ছীলমোহৰ দিব দলে। কংগ্রেছৰ একাংশই কৈছে গান্ধী পৰিয়ালৰ ক্ষেত্রত ইয়াৰ ব্যতিক্রম হ’ব পাৰে। দলে নিবিচাৰিব যে ছোনিয়া গান্ধী বা ৰাহুল গান্ধীৰ মাজৰ কোনো এজনেহে যুঁজত নমাটো। আকৌ কোনো কোনোৱে কৈছে, নীতি গ্রহণ কৰিলে সেয়া নেতৃত্বৰ ওপৰতেই প্রথমে প্রয়োগ কৰিবলগীয়া হ’ব।

You might also like