নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ কথাশিল্পী হোমেন বৰগোহাঞিৰ প্রথম মৃত্যুবার্ষিকী

গুৱাহাটীৰ শ্রদ্ধাঞ্জলি কাননত সর্বধর্ম প্রার্থনা সভা কৰুণাধাৰাৰ

নিয়মীয়া বাৰ্তা, ১১ মেঃ অহা ১২ মে’ত প্রথিতযশা সাহিত্যিক, সাংবাদিক, বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ প্রথম মৃত্যুবার্ষিকী উপলক্ষে কৰুণাধাৰা ন্যাসৰক্ষী সমিতিৰ তৰফৰ পৰা, কৰুণাধাৰা মহানগৰ সহায়ক সমিতিৰ সহযোগত তেওঁক শ্রদ্ধার্ঘ্য নিবেদন কৰিবলৈ সেইদিনা পুৱা ৯ বজাত অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ ‘শ্রদ্ধাঞ্জলি কানন’ত এখনি সর্বধর্ম প্রার্থনা সভাৰ আয়োজন কৰা হৈছে৷ তদুপৰি অহা ১৪ মে’ৰ দিনা বিয়লি ৪ বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় (অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত) প্রেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰী আৰু প্রয়াত বৰগোহাঞিৰ সুহূদ নগাভূমিৰ লেখক–সাংবাদিক চার্লছ চেজিক সমল ব্যক্তিৰূপে লৈ ‘হোমেন বৰগোহাঞি স্মাৰক বত্তৃণতা সভা’ৰ আয়োজন কৰা হৈছে৷ এই দুয়োটা অনুষ্ঠানতে সহূদয় ৰাইজৰ উপস্থিতিৰে অনুষ্ঠান সাফল্যমণ্ডিত কৰি তুলিবলৈ কৰুণাধাৰা ন্যাসৰক্ষী সমিতিয়ে ৰাইজক অনুৰোধ জনাইছে৷ প্রয়াত বৰগোহাঞিৰ মৃত্যু দিৱস ১২ মে’ৰ দিনা সন্ধিয়া ঘৰে ঘৰে এগছি বন্তি জ্বলাই তেওঁক কৃতজ্ঞ চিত্তে স্মৰণ কৰিবলৈকো আয়োজক সমিতিয়ে অসমৰ ৰাইজলৈ বিনীত গোহাৰি জনাইছে৷

You might also like