নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালত ৫০০ শতাংশ বৃদ্ধি চাইবাৰ অপৰাধ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ সংকটকালত ডিজিটেল লেনদেনৰ ওপৰত মাত্রাধিক গুৰুত্ব দিবলগীয়া হোৱা বাবে দেশত বিত্তীয় প্রৱঞ্চনা বৃদ্ধি পাইছে৷ সীমিত সজাগতা আৰু চাইবাৰ বিশুদ্ধতাৰ কাৰণেই দেশত ৫০০ শতাংশ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে৷ এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে৷

ৰাষ্ট্রীয় চাইবাৰ সুৰক্ষা ষ্ট্রেটেজী ২০২০ৰ সন্দর্ভত মন্তব্য কৰি এন এছ এ ডোভালে কয় যে ভাৰতৰ সমৃদ্ধিৰ কাৰণে সুৰক্ষা নিৰাপদ, বিশ্বাসী আৰু গতিশীল চাইবাৰ স্পেচক প্রাধান্য দিয়ে কেন্দ্রীয় চৰকাৰে চাইবাৰ সুৰক্ষা নীতি প্রস্তুত কৰিছে৷ কেৰালা আৰক্ষী আৰু ছ’চাইটী ফৰ দ্য পলিছিং অৱ চাইবাৰ স্পেচ এণ্ড ইনফৰমেচন ছিকিউৰিটী ৰিছার্চ এছ’চিয়েচনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানক ভার্চুৱেলী সম্বোধন কৰি এন এছ এ ডোভালে চাইবাৰ সুৰক্ষাক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷ চাইবাৰ সুৰক্ষা সন্দর্ভত মন্তব্য কৰি ডোভালে কয় যে নগদ ধনৰ লেনদেন হ্রাস কৰাৰ কাৰণে ডিজিটেল লেনদেন মঞ্চৰ ওপৰত অধিক নির্ভৰশীল হোৱা আৰু অনলাইনত অধিক দাতা বিনিময় কৰাৰ লগতে দেশবাসীয়ে ছ’চিয়েল মিডিয়াত অধিক সক্রিয় হৈ পৰে৷ এনে কাৰণতে সীমিত সজাগতাৰ বাবে অনলাইনত অসাধু চক্র সক্রিয় হোৱাৰ নতুন সুযোগ লাভ কৰিলে আৰু দেশজুৰি চাইবাৰ অপৰাধ বৃদ্ধি হ’ল৷

পৰিস্থিতিয়ে কর্ম–সংস্কৃতিৰ ব্যাপক পৰিৱর্তন অনাৰ পৰিপ্রেক্ষিতত অনলাইনক প্রাধান্য দিলেও দেশবাসীয়ে অনলাইনত তথ্য বিনিময় কৰাৰ সময়ত অধিক সজাগ হ’ব লাগিব বুলি এন এছ এগৰাকীয়ে আহ্বান জনায়৷ চাইবাৰ সুৰক্ষাক লৈ অনুষ্ঠান আয়োজন কৰা বাবে কেৰালা আৰক্ষী আৰু উদ্যোক্তাক প্রশংসা কৰে এন এছ এগৰাকীয়ে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ বাবে এইবেলি উল্লিখিত অনুষ্ঠানটো ভার্চুৱেল হিচাপে অনুষ্ঠিত কৰা হয়৷ কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে উদ্বোধনী ভাষণ দি কয় যে ক’ভিড–১৯এ জনতাৰ অনলাইনৰ ওপৰত নির্ভৰশীলতা বৃদ্ধি কৰিলে৷ গতিকে অনলাইনত থকাৰ সময়ত জনতা অধিক সজাগ হ’ব লাগিব৷ দুনীয়াকৈ আয়োজিত এই অনুষ্ঠানত ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্রধান লোকনাথ বেহেৰাকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে

You might also like